
নিউজ ডেস্ক:
অসমীয়াৰ বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো আৰু এটা দিন।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ৰঙালীক আদৰিবলৈ চলিছে এতিয়া ব্যাপক প্ৰস্তুতি।ক’ভিড সৃষ্ট দুটা বৰ্ষৰ পিছত মুকলিকৈ এইবাৰ বাপতিসাহোন ৰঙালীক উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী।সমান্তৰালভাৱে বিহু কমিটি সমূহৰো প্ৰস্তুতি তুংগত উঠিছে।লাখ লাখ টকা বাজেটেৰে বিহুৰ ব্যাপক আয়োজন কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো।৭১সংখ্যক গুৱাহাটী বিহু সন্মিলনীয়ে এইবাৰ ৰঙালী বিহু উদযাপনৰ বাবে প্ৰায় ২০লাখ টকা বাজেট নিৰ্ধাৰণ কৰিছে।১৪-১৭এপ্ৰিললৈ চাৰিদিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত বিহুৰ আয়োজন কৰিছে।১৪এপ্ৰিলৰ পুৱা পতাকা উত্তোলনেৰে বিহুৰ কাৰ্যসূচী আৰম্ভ হ’ব।তদুপৰি বিহু কুঁৱৰী, বিহুৰাণী আৰু বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব।সাংস্কৃতিক সন্ধিয়াৰ মুখ্য-আকৰ্ষণ জনপ্ৰিয় গীতিকাৰ সুৰকাৰ তথা গায়ক দ্বীপেন বৰুৱা, কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী, বাবু বৰুৱাৰ অনুষ্ঠানৰ কথা অৱগত কৰে বিহু সন্মিলনীৰ উপ সমিতিৰ সম্পাদক অনুজ কুমাৰ বিষয়াই।
ইপিনে ৬১সংখ্যক পূৱ গুৱাহাটী বিহু সন্মিলনী চানমাৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত ১৪-১৭ এপ্ৰিললৈ চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে।বিহু সন্মিলনখনৰ এইবাৰৰ বাজেট প্ৰায় ৪৫লাখ টকা।সন্মিলনৰ সৈতে সংগতি ৰাখি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ লগতে বিহুৱতী, শ্ৰেষ্ঠ বিহু ঢুলীয়া,শ্ৰেষ্ঠ পেঁপা বাদন, জেং বিহুৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।বিহু সন্মিলনীখনৰ সাংস্কৃতিক অনুষ্ঠানৰ আকৰ্ষণ হিচাপে থাকিব কন্ঠশিল্পী নেকিব, তৰুলতা কুটুম, মন্টুমণি শইকীয়া আৰু ৰূপালী কাশ্যপ।আয়োজক সমিতিয়ে অৱগত কৰে এই কথা।
একেদৰে গুৱাহাটী সোনাৰাম হাইস্কুলৰ খেলপথাৰত পশ্চিম গুৱাহাটী বিহু সন্মিলনীয়ে ৬৮ সংখ্যক ৰঙালী বিহুৰ আয়োজন কৰিছে।১৪-১৭এপ্ৰিললৈ চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা সন্মিলনৰ বাজেট প্ৰায় ১০ লাখ টকা।বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী , দিক্ষু শৰ্মা,কুসুম কৈলাশ আৰু ময়ূষ হাজৰিকা।
আনহাতে মালিগাঁও ৬১সংখ্যক পাণ্ডু বিহু সন্মিলনীও ১৪-১৭ এপ্ৰিললৈ চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে।প্ৰায় ২২লাখ টকা বাজেটেৰে আয়োজন কৰা হৈছে সন্মিলনখন।বিহু সন্মিলনৰ পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ কন্ঠশিল্পী বাবু , দিক্ষু , মন্টুমণি শইকীয়া।
ইয়াৰ উপৰিও ৫৯সংখ্যক নুনমাটি বিহু সন্মিলনে প্ৰায় ১৫লাখ টকা বাজেটেৰে বিহুৰ আয়োজন কৰিছে।অহা ১৩- ১৬এপ্ৰিললৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বিহু।এই বৰ্ষৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপ আৰু প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰাই।
ঠিক একেদৰে ৪৩ সংখ্যক গীটানগৰ বিহু সন্মিলনখনো ১৪-১৭এপ্ৰিললৈ চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।গীটানগৰ স্কুল খেলপথাৰত অনুষ্ঠিত হ’ব লগা সন্মিলনৰ বাজেট প্ৰায় ১৮-২০ লাখ টকা।বিহুৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ মহন্ত আৰু দিপলীনা ডেকা।
- Log in to post comments
- 28 views