১৬-১৭এপ্ৰিলত গুৱাহাটীত পূৰ্ৱোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহুৰ আয়োজন

A

নিউজ ডেস্ক:

অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুলৈ মাজত আৰু এটা দিন।ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ চৌদিশে ব্যাপক প্ৰস্তুতি চলিছে।গুৱাহাটীৰ গো-শালা বৃন্দাবন গাৰ্ডেনত পূৰ্ৱোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চই ১৬-১৭ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে 'লুইতপৰীয়া বিহু সন্মিলন' শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰিছে ৷ সম্পূৰ্ণ পৰম্পৰা ৰীতি-নীতি অনুসৰি আয়োজন কৰা ৰঙালী বিহু সন্মিলনখনৰ কথা মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলৰ জৰিয়তে অৱগত কৰে মঞ্চৰ সভাপতি হিমশিখৰ খান্দেলিয়াই।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানলৈ সঁহাৰি জনাই বিহু আয়োজন কৰা বুলি  তেওঁ কয়।মাৰোৱাৰী সম্প্ৰদায়টোৱে অসমীয়া ভাষা- সংস্কৃতিক ইতিমধ্যে আঁকোৱালি লৈ অসমীয়াৰ সৈতে বিলীন হৈছে।তাৰে অংশ হিচাপে ৰঙালী বিহু উদযাপন কৰিছে-সভাপতি গৰাকীয়ে কয়।
ইফালে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা মঞ্চৰ লুইতপৰীয়া বিহু সন্মিলনৰ ১৬ এপ্ৰিলত পতাকা উত্তোলন কৰিব আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।হুঁচৰি পৰিৱেশনেৰে মূল কাৰ্যসূচী আৰম্ভ হ’ব -সংবাদমেলত এই কথা জনায় আয়োজক সমিতিয়ে।
আনহাতে বিহু সন্মিলনখনত অসমৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাব।দুয়োটা দিনতে সন্ধিয়া বিভিন্ন শিল্পীৰ দ্বাৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান।তাৰ ভিতৰত ১৭এপ্ৰিলৰ মুখ্য আকর্ষণ কণ্ঠশিল্পী জুবলি বৰুৱাৰ গীতৰ শৰাই।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থকাৰ কথা বিহু সন্মিলনখনত।

Your Comments