
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানীৰ নাটনিয়ে জ্বলা-কলা দেখুওৱা সময়তে সোমবাৰে উলুবাৰী-গুৱাহাটী ক্লাৱ সংযোগী বি বৰুৱা পথৰ উৰণীয়া সেঁতুত অপচয় লাখ-লাখ লিটাৰ পানী।পথছোৱাত পানীযোগানৰ বৃহৎ পাইপ ফাটি জলমগ্ন হৈ পৰে।উল্লেখ্য যে ,মহানগৰীৰ উলুবাৰী বৃহৎ অঞ্চলক যোগান ধৰা বৃহৎ পাইপডাল ফাটি যোৱা ফলত ঘণ্টা ঘন্টা ধৰি পথতে বাগৰি থাকিল পানী।পানী যোগান বিভাগৰ কৰ্তৃপক্ষ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো উপস্থিত নহল উক্ত স্থানত।আনহাতে অতি তাৎপৰ্যপূৰ্ণ কথা যে উৰণীয়া সেঁতুখনৰ সমীপতে গুৱাহাটী পৌৰ নিগমৰ এটা শাখা কাৰ্যালয়ো আছিল ,কিন্তু অপচয় হৈ থকা পানী বন্ধ কৰাৰ বাবে কোনো ব্যৱস্থাই দীৰ্ঘসময় গ্ৰহণ নকৰিলে।
উল্লেখ্য যে চলিত বৰ্ষত গুৱাহাটী মহানগৰীত পানীৰ নাটনিয়ে চিন্তিত কৰিছে জনতাক।তেনে সময়ত এইদৰে পাইপ ফাটি অপচয় হৈছে পানী।
- Log in to post comments
- 13 views