কলিয়াবৰত মাইক্ৰফাইনেঞ্চৰ চেক বিতৰণত উত্তপ্ত পৰিস্থিতি; মুখ্যমন্ত্ৰীক কটাক্ষ একাংশ মহিলাৰ

A

নিউজ ডেস্ক:
আজি কলিয়াবৰত মাইক্ৰ’ফাইনেঞ্চৰ চেক বিতৰণ থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চেক বিতৰণ অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী কেশৱ মহন্ত।  কলিয়াবৰৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাটবৰত মাইক্ৰ'ফাইনেঞ্চ গোটৰ মহিলাক চেক বিতৰণ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে বিতৰণ কৰে মাইক্ৰ'ফাইনেঞ্চৰ চেক সমূহ। মন্ত্ৰী কেশৱ মহন্তই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ পিচতে চৰকাৰী কৰ্তৃপক্ষই উপস্থিত মহিলাসকলক চেক বিতৰণ কৰি থকাৰ সময়তে ক্ষুব্ধ মহিলা সকলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা প্ৰতিশ্ৰুতি মতে ধন নেপোৱাৰ বাবেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। একাংশ ক্ষুব্ধ মহিলাই সংবাদ মাধ্যমৰ ওচৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে “হিমন্ত বিশ্ব শৰ্মাৰ যদি পইচা নাই  আমি ৫০০ টকা দান দিম”- কলিয়াবৰত এইদৰেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল একাংশ মহিলা। লক্ষ্যণীয় যে নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লোৱা প্ৰতিগৰাকী মহিলাক ২৫ হাজাৰ টকাকৈ চেক দিয়া কথা ঘোষণা কৰিছিল মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু আজি বিতৰণ কৰা চেক সমূহৰ সৰহ সংখ্যকেই ২৫ হাজাৰৰ পৰিবৰ্তে ৪০০/৫০০/১০০০ টকাৰ চেক পাই ৰুদ্ৰমুৰ্তি ধাৰণ কৰে একাংশ মহিলাই। উল্লেখ্য যে, ক্ষুদ্ৰ সঞ্চয়ৰ ঋণ ৰেহাই দি ২৫ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল মুখ্য হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনস্থ প্ৰায় বোৰ মহিলাই লাভ কৰিলে ২-৩ হাজাৰ টকাৰ চেক। সৰ্বনিম্ন ৩৯৮ টকাৰ চেক পাই  এগৰাকী মহিলাই কয়- "হিমন্তৰ পত্নীৰ মেখেলা আৰু জীয়েকৰ লিপষ্টিক কিনিবলৈ যদি ধন লাগে আমি দান কৰিম, কিন্তু ঋণ ৰেহাইৰ নামত আমাক দান নালাগে।" ক্ষুদ্ৰ সঞ্চয়ৰ ঋণ পৰিশোধৰ ক্ষেত্ৰত সঠিক লেনদেন কৰাৰ পিছতো ঘোষণা কৰা অনুসৰি ধনৰ চেক নাপাই এনেদৰেই ক্ষোভ উজাৰিলে এইসকল মহিলাই। উল্লেখ্য যে, কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনস্থ মহিলাসকলক সোমবাৰে ক্ষুদ্ৰ সঞ্চয়ৰ চেক বিতৰণ কৰা হৈছিল হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ প্ৰাংগনত। কিন্তু একাংশ মহিলাৰ অসন্তুষ্টিৰে উত্তাল হৈ পৰিল সমগ্ৰ পৰিৱেশ।

 

Your Comments

Related Articles