
নিউজ ডেস্ক:
শিৱসাগৰৰ বিধায়ক অখিল গগৈলৈ আন এক আইনী সকাহ।গুৱাহাটী পানবজাৰ থানাৰ ১৫৯/২০১৪নম্বৰত ৰুজু হোৱা এক পুৰণি গোচৰত দোষমুক্ত ঘোষণা ন্যায়ালয়ৰ।উল্লেখ্য যে কৰ্তব্যৰত অৱস্থাত আৰক্ষীক বাধা প্ৰদানৰ গুৰুতৰ অভিযোগত তদানীন্তন ডিএছপি পনজিৎ দুৱৰাই অখিলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।তাৎপৰ্যপূৰ্ণ কথা যে কৃষক মুক্তি সংগ্রাম সমিতিত থকা সময়তে ২০১৪চনৰ সেই ঘটনাৰ অভিযোগত গোচৰ ৰুজুৰ পাছতেই ভাৰতীয় দণ্ডবিধি ১৪৩/১৮৮/৩৫৩/৪২৭ধাৰা আৰোপ কৰা হয়।ইফালে আদালতত এই অভিযোগ প্ৰতীয়মান কৰিব নোৱাৰিলে চৰকাৰী পক্ষই।কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে সকলো সাক্ষী -শুনানিৰ অন্তত আজি গোচৰটোৰ পৰা দোষমুক্ত ঘোষণা কৰে গগৈক।
- Log in to post comments
- 11 views