গুৱাহাটী মহানগৰীৰ বিজি কলনীত হত্যাকাণ্ড, ডিঙি কাটি দুৰ্বৃত্তই হত্যা কৰে কাজল চন্দ্ৰ দাসক

A

নিউজ ডেস্ক:

ক্ৰমাৎ যেন অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী।নিতৌ বৃদ্ধি হৈছে হত্যাকাণ্ডৰ ঘটনা।সোমবাৰে পুৱাই বামুনিমৈদাম বিজি কলনী, শিতলাবাড়ীত উদ্ধাৰ হয় এটা মৃতদেহ।দুৰ্বৃত্তই হত্যা কৰি থৈ যোৱা মৃতদেহটো কাজল দাসৰ বুলি চিনাক্ত কৰা হৈছে।ডিঙি কাটি হত্যা কৰে দাসক।উল্লেখ্য যে ,বি পি চালিয়া নগৰৰ নিৰ্বাসী  দাস দেওবাৰৰ পৰা ঘৰত নাছিল।দেওবাৰে সন্ধিয়া ৬ বজাত পৰিয়ালৰ সৈতে শেষবাৰ ফোনেৰে যোগাযোগ কৰিছিল দাসে।সেইসময়ত ব্যস্ত থকা বুলি কৈ ফোনটো কাটি দিছিল।তাৎপৰ্যপূৰ্ণ কথা এই যে ,মৃত দাসে কপাৰেটিভ ছচাইটিৰ এলপিজি গেছৰ হোম ডেলিভাৰী কৰিছিল।
আনহাতে সোমবাৰে পুৱা ৫বজাত পৰিয়ালৰ লোক মৃতদেহৰ বিষয়ে অৱগত হৈছিল।স্থানীয় আৰু পৰিয়ালৰ লোকৰ পৰা জানিব পৰা অনুসৰি মৃত কাজলে মাজে সময়ে মদ্যপান কৰিছিল।জেষ্ঠ্য ভাতৃৰ মতে  মৃতদেহ উদ্ধাৰ হোৱা স্থানত মাজে সময়ে মদ্যপান কৰিব আহিছিল।
ইফালে আন এক খবৰ মতে হত্যাকাণ্ড সংঘটিত হোৱা স্থানত নিশা প্ৰায় ৯.৪৫ বজালৈ আন দুগৰাকী ব্যক্তিৰ সৈতে মদ্যপান কৰিছিল কাজলে।দুই ব্যক্তি আছিল বাণী আৰু জয়ন্ত।
আনহাতে মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে চানমাৰি থানাই এজনক সোধ-পোচৰ বাবে আটক কৰে।
ইফালে ড্ৰাগছ, মদ, ভাঙৰ বাবেই বিজি কলনীত হত্যা হিংসাৰ ঘটনা বৃদ্ধিৰ অভিযোগ স্থানীয় ৰাইজৰ।দেওবাৰে নিশাও মদ্যপানৰ পিছত সংঘটিত হোৱা কাজিয়াৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ অঞ্চলবাসীৰ।

Your Comments