
নিউজ ডেস্ক:
ৰাজ্যত বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষাদান কৰি মানৱ সম্পদ গঢ় দিয়া ৪১১গৰাকী নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত তৃতীয় সহকাৰী শিক্ষকৰ কৰুণ গাঁথা শুনিবলৈ আহৰি নাই চৰকাৰ, শিক্ষা বিভাগৰ।বিদ্যালয়সমূহ প্ৰতিষ্ঠাৰ দিন ধৰি শিক্ষাদানেৰে জড়িত হৈ থকা এই শিক্ষকসকলৰ সতীৰ্থ প্ৰথম আৰু দ্বিতীয়জন শিক্ষকক ২০১৩চনত বিদ্যালয় প্ৰাদেশিকৰণৰ সময়ত চাকৰি প্ৰাদেশিকৰণ কৰিলে যদিও তৃতীয় গৰাকী বাদ পৰি থাকিল।ফলত আজিও বিনা বেতনে শিক্ষাদান কৰি আছে এইসকল শিক্ষকে।গুৱাহাটী ক্লাব সমীপত এক সভাগৃহত নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত তৃতীয় সহকাৰী শিক্ষক সন্থাই সোমবাৰে সংবাদমেলত চৰকাৰ তথা শিক্ষাবিভাগক আহ্বান কৰি কয়- এক লাখ নিবনুৱা নিযুক্তিৰ ভিতৰত আমাৰো চাকৰি নিয়মীয়াকৰণ কৰক।অন্যথা যিকোনো কাৰ্যসূচী হাতত লবলৈ বাধ্য হ’ম।চৰকাৰে আমাক আন্দোলন নকৰিবলৈ কৈছে তাৰ বাবে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী-আন্দোলন হাতত লোৱা নাই।কিন্তু চাকৰি নিয়মীয়াকৰণ নহলে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ’ব।উল্লেখ্য যে বিদ্যালয়সমূহ স্থাপনৰ সময়ত এই শিক্ষকসকলক বিদ্যালয় পৰিচালনা সমিতিয়ে নিযুক্তি দিছিল।তাৰে এখন বিদ্যালয়ৰ দুজন শিক্ষকৰ চাকৰি চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণ কৰি নিয়মীয়াকৰণ কৰিল।কিন্তু কৰ্মৰত তৃতীয়জন নিয়মীয়াকৰণ হোৱাৰ পৰা বাদ পৰিল।
ইফালে সমস্যাৰ সমাধান বিচাৰি বহুসময়ত চৰকাৰৰ বিষয়া মুৰব্বীৰে বৈঠকত মিলিত হৈছে যদিও বৰ্তমান সময়লৈকে কোনো সদোত্তৰ লাভ কৰা নাই এইশিক্ষক সকলে।শেহতীয়াকৈ যোৱা ১৪ মার্চত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক সাক্ষাৎ কৰি শিক্ষকসকলৰ লিষ্ট অপৰ্ণ কৰিছে-এই কথা জনাইছে সন্থাৰ সভাপতি বিশ্বজিৎ ছেত্ৰীয়ে।তেওঁ লগতে দাবী জনাই কয়-পূৰ্বৰ দুই সতীৰ্থক যিদৰে চাকৰি নিয়মীয়াকৰণ কৰা হৈছে ঠিক একেদৰে নিয়মীয়াকৰণ কৰিব লাগে তেওঁলোকৰ চাকৰি।উল্লেখ্য যে পূৰ্বতে নিয়মীয়াকৰণ হোৱা শিক্ষকসকলৰ বৰ্তমানৰ দৰে বি.এড-ডি.এল.ইডৰ কোনো প্ৰয়োজনীয়তা নাছিল ।ইফালে এইসকল কৰ্মৰত শিক্ষকে চৰকাৰৰ নির্দেশনা অনুসৰি শেহতীয়াকৈ শিক্ষকৰ যোগ্যতা ডিগ্ৰী আহৰণ কৰিছে বুলিও- ছেত্ৰীয়ে লগতে কয়।
সোমবাৰৰ সংবাদমেলত উপস্থিত থাকে সন্থাৰ কাৰ্যকৰী সভাপতি সোনাৰাম দত্ত, সাধাৰণ সম্পাদক মমী হাজৰিকা।
- Log in to post comments
- 186 views