প্ৰিয়ংদ্বীপ কাকতিক 'সেউজীয়া দেশৰ সাংবাদিকতা বঁটা'

A

নিউজ ডেস্ক:                

নিজৰ সংবাদেৰে জনতাৰ সমস্যা-দাবীৰে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি অহাৰ লগতে সামাজিক কাম-কাজেৰেও পৰিচিত নুমলীগড়ৰ সাংবাদিক প্ৰিয়ংদ্বীপ কাকতিক আজি 'সেউজীয়া দেশৰ সাংবাদিকতা বঁটা' প্ৰদান কৰা হয়।উত্তৰ-পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনে প্ৰতি দুবছৰৰ মূৰে মূৰে সন্মিলনৰ দ্বি- বাৰ্ষিক সাধাৰণ অধিৱেশনৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰি আহিছে।সেই অনুসৰিয়েই আজি গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত চতুৰ্থ দ্বি- বাৰ্ষিক সাধাৰণ অধিৱেশনৰ মুকলি সভাত 'অসমীয়া খবৰ'ৰ নুমলীগড়ৰ  সাংবাদিক কাকতিক এই বঁটা প্ৰদান কৰা হয়। সাংবাদিক গৰাকীক বঁটা প্ৰদান কৰে সন্মিলনৰ নেতৃবৰ্গই।বঁটাত আছে মান পত্ৰ, জাপি, গামোচা, কিতাপৰ টোপোলা আৰু সঁফুৰা।একেটা অনুষ্ঠানতে সন্মিলনে ৰেৱতী বৰগোহাঁই গগৈক সমাজসেৱক,ভানু বৰা হাজৰিকাক সাহিত্যিক, মুনিন দাসক শিল্পী, চতিশ চুতীয়াক কবি আৰু পুতুল ঘৰফলীয়াক শিক্ষকতা বঁটা প্ৰদান কৰে।সন্মিলনৰ সভাপতি ৰাম প্ৰসাদ বৰুৱাৰ সভাপতিত্বত সমাজৰ ভালেসংখ্যক গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে শিশু সাহিত্যিক শশীপ্ৰভা দাস, বিশিষ্ট সাহিত্যিক ধনীৰাম তালুকদাৰ, নিউজ ১৮ৰ কাৰ্যবাহী সম্পাদক এনামূৰ ৰহমান আৰু নিমন্ত্ৰিত অতিথি হিচাপে কৃষি বিভাগৰ উপ-সঞ্চালক ভাৰতজ্যোতি বৰঠাকুৰে নিজৰ ভাষণত সন্মিলনৰ কৰ্মৰাজিৰ প্ৰশংসা কৰে। উল্লেখ্য যে আজি সন্মিলনৰ চতুৰ্থ দ্বি-বাৰ্ষিক সাধাৰণ অধিৱেশন বিভিন্ন কাৰ্যসূচীৰে সম্পন্ন হয়।

Your Comments