
নিউজ ডেস্ক:
"হিমন্ত চৰকাৰৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত আস্থা নোহোৱা হ’ল।আইন আদালতৰ প্ৰয়োজন নোহোৱা কৰি হিমন্তই সকলো, গণতান্ত্ৰিক ব্যৱস্থা হত্যা কৰি মুক্তহত্যা আৰম্ভ কৰিছে"- এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ।অসমত ভুৱা এনকাউণ্টাৰ সাংঘাতিক বৃদ্ধি হৈছে।হিমন্ত চৰকাৰৰ শাসনত শিৱসাগৰৰ সুৰুজ গগৈকে ধৰি ৪৩জন অভিযুক্তৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে ৷ ভুৱা এনকাউণ্টাৰত আহতৰ সংখ্যা এই পৰ্যন্ত শতাধিক।বহু মানুহে ভুৱা এনকাউণ্টাৰৰ ভয়াৱহতা বুজি উঠা নাই- শিৱসাগৰৰ বিধায়ক গৰাকীয়ে লগতে কয়।
আলফা লিংকমেনৰ অভিযোগত শিৱসাগৰৰ বেতবাৰী চাংমাই গাঁৱৰ সুৰুজ গগৈ আৰক্ষী এনকাউণ্টাৰত মৃত্যু হোৱা ঘটনাৰ চিবিআই তদন্ত দাবী কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে।চৰাইদেউ জিলা সোণাৰি আৰক্ষী জিম্মাত গুলীবিদ্ধ হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা সূৰুজে চিকিৎসাধীন অৱস্থাত পৰিয়ালক অৱগত কৰা এনকাউণ্টাৰৰ ঘটনাৰ ভয়াৱহ বৰ্ণনা শিৱসাগৰৰ বিধায়ক গগৈয়ে সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰে।পৰিয়ালে দিয়া বিৱৰণ মতে- বেতবাৰীৰ ৩৪ বছৰীয়া সুৰুজে শিলৰ ব্যৱসায় কৰাৰ বাবে সোণাৰি নামতোলাত আছিল।বিগত ৩মাৰ্চৰ পুৱা সোণাৰি নামতোলাৰ এখন হোটেলত চাহ খাই থকা সময়তে অসম ৰাইফলছৰ এটা বাহিনীয়ে উঠাই লৈ যায়।দিনটো আসাম ৰাইফলছৰ কেম্পত উলংগ কৰি হাত-ভৰি বান্ধি অত্যাচাৰ কৰে।নিশা প্ৰায় ১০বজাত সোণাৰি আৰক্ষী থানাক গতাই দিয়ে সুৰুজক।সেইদিনা নিশাই ২-২.৩০ বজাত সোণাৰি আৰক্ষীয়ে মেডিকেল টেষ্ট কৰোৱাবলৈ নিয়ে।তেনেতে এখন বাগানৰ মাজত লৈ যোৱা গাড়ীখন ৰখাই এগৰাকী কনিষ্টবলে প্ৰচাৱ কৰিবলৈ যায় আৰু সূৰুজ গগৈকো প্ৰচাৱ কৰি লবলৈ কয়।হেণ্ডকাফ লাগি থকা অৱস্থাতে সুৰুজে প্ৰচাৱ কৰি থকাৰ সময়তে উপ-পৰিদৰ্শন(SI) ইমৰান হুছেইনে ওচৰৰ পৰা গুলিয়ায় ।সূৰুজে গুলী কিয় কৰিলে বুলি আপত্তি কৰাত পুনৰ এগৰাকীয়ে মোবাইল টৰ্চ জ্বলাই দেখুৱাই দিয়ে আৰু দ্বিতীয়টো গুলী মাৰে ভৰিত।
ইফালে গুলিবিদ্ধ হৈ পৰা সূৰুজক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ আৰক্ষীয়ে নিয়ে।ডাঃ হিমজিৎ দাসৰ প্ৰচেষ্টাত দীৰ্ঘলীয়া চিকিৎসাৰ অন্তত অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈ সুস্থ হৈ উঠিছিল সূৰুজ।তাৰ মাজতে ৰহস্যজনক ভাৱে চিকিৎসক গৰাকী বদলি হয়।আনহাতে সুস্থ হৈ উঠা সূৰুজক চৰাইদেউ জিলাৰ এগৰাকী ডিএছপিয়ে খালী কাগজত জোৰ কৰি স্বাক্ষৰ কৰিবলৈ ধমকি দিয়া বুলিও পৰিয়ালে অৱগত কৰে ৰাইজৰ দলক।প্ৰায় সুস্থ হৈ উঠা সুৰুজ ৰহস্যজনক ভাৱে পুনৰ ৫এপ্ৰিলত অসুস্থ হৈ পৰে।মুখেৰে ফেন ওলায় আৰু নিশালৈ মৃত্যু হয় বুলি লগতে কয়।গুৱাহাটী নিজৰাপাৰৰ বাসগৃহত দেওবাৰে সংবাদমেল সম্বোধন কৰি সুৰুজৰ পৰিয়ালে দিয়া এই মৰ্মান্তিক বৰ্ণনা ৰাজহুৱা কৰে সমষ্টিটোৰ বিধায়ক অখিল গগৈয়ে।
- Log in to post comments
- 15 views