
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত নিতৌ সংঘটিত হৈ আহিছে গাড়ী চুৰি ঘটনা।পূৰ্বতকৈ ক্ৰমাৎ বৃদ্ধি হৈছে এই চুৰিকাণ্ডৰ ঘটনা।গাড়ী চুৰিকাণ্ড ঘটনা বৃদ্ধি পোৱাৰ সময়তে এক ভাল খবৰ।মহানগৰ আৰক্ষীৰ জালত পৰিছে এক বৃহৎ গাড়ী চুৰি চক্ৰ।৮টাকৈ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীয়ে।ধৃত চোৰ কেইটা ক্ৰমে পশ্চিম বংগৰ নাৰায়ণ দাস (৪৬), বিকাশ চৰকাৰ (৩৯), যোৰহাটৰ বিকি দত্ত ওৰফে বিজয়(৩৪), গোলাঘাট মিথু চন্দা (৩৪), সম্ভু ধৰ (৩৪) ৰিপন দত্ত (৪৪) মেঘালয়ৰ সম্বৰলং চাউকিমি (samborlong sawkime)(31) আৰু ছাহানচুটৰ নুনগেবেট (shanstor nungbet)( ২৬) । শণিবাৰে সংবাদমেল সম্বোধন কৰি মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে জানিব দিয়া অনুসৰি গুৱাহাটী, খটখটী, গোলাঘাট আৰু মেঘালয়ত অভিযান চলাই ধৃত গাড়ী চুৰি চক্ৰটোক গ্ৰেপ্তাৰ কৰিছে।যোৰাবাট আৰক্ষী চকীত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ধৃত চক্ৰটো গ্ৰেপ্তাৰ কৰাৰ লগতে এখন বলেৰ’ আৰু এখন ইক’স্পৰ্ট গাড়ী জব্দ কৰে।উল্লেখ্য যে , যোৱা ৭মাৰ্চত বলেৰ’ পিক আপ ভেনখন ভাড়াত লৈছিল চুৰি চক্ৰটোৱে।গাড়ী ভাড়াত লৈ চালকক নিচাজাতীয় দ্ৰব্য খুৱাই গাড়ীখন লৈ উধাও হৈছিল চক্ৰটো-আয়ুক্ত সিঙে কয়।
আনহাতে সংবাদমেলত ATMৰ সুৰক্ষাৰ স্বাৰ্থত বিশেষ ব্যৱস্থা গুৱাহাটী মহানগৰীত গ্ৰহণ কৰা বুলিও মন্তব্য কৰে।গ্ৰাহকক ATM পিন কাৰো লগত চেয়াৰ নকৰিবলৈ আৰু অসুবিধা পালে বেংক কৰ্তৃপক্ষৰ সহায় লবলৈ আহ্বান জনায়।
ইপিনে আগন্তুক ৰঙালী বিহুৰ সময়ত সকলোৰে সহায় -সহযোগিতা বিচাৰিছে আৰক্ষীয়ে।বিহুৰ সময়ত যাতে সুৰাপান কৰি বিহু উদযাপনত ব্যাঘাত নজন্মাবলৈ সকলোকে আহ্বান জনায়।সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান আৰক্ষীয়ে আৰম্ভ কৰা বুলিও লগতে তেওঁ কয়।
- Log in to post comments
- 8 views