
নিউজ ডেস্ক:
ৰাজ্য কপোৱা গুৱাহাটী গাড়ীগাঁৱৰ ১৬বছৰীয়া কিশোৰী দলবদ্ধ ধর্ষণৰ গোচৰ পঞ্জীয়নৰ এমাহ অতিক্ৰম।আজি পৰ্যন্ত মহানগৰ আৰক্ষীৰ জালতে নপৰিল চাৰি পলাতক অভিযুক্ত।অভিযুক্তক কৰায়ত্ত কৰিব নোৱাৰা গুৱাহাটী আৰক্ষী আয়ুক্তই এমাহৰ মূৰত ধর্ষণকাণ্ডক লৈ সংবাদ মাধ্যমত মুখ খুলিছে।অসম আৰক্ষীৰ চকুত ধূলি মাৰি চাৰি অভিযুক্ত ধর্ষণকাৰী বহিৰাজ্যত আত্মগোপন কৰি থকাৰ কথা অসহায়ভাৱে স্বীকাৰ আয়ুক্ত হৰমিত সিঙৰ।
উল্লেখ্য যে ঘটনাৰ মূল অভিযুক্ত বিকি আলি গুৱাহাটী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ এনকাউণ্টাৰত মৃত্যু হৈছিল।বিকিৰ পৰিয়ালৰ অভিযোগ আৰক্ষীৰ ওচৰত নিজে ইচ্ছামতে আত্মসমৰ্পণ কৰিছিল মূল অভিযুক্ত বিকিয়ে, কিন্তু আৰক্ষীৰ মতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল বিকিক।
শনিবাৰে আৰক্ষী আয়ুক্ত সিঙক সাংবাদিকে ধর্ষণ কাণ্ডটোৰ তদন্তৰ প্ৰসংগত সোধা এক প্ৰশ্ন উত্তৰত কয়- টেষ্ট চলি আছে।অভিযুক্ত ধর্ষণকাৰী ৰাজ্যৰ বাহিৰত আত্মগোপন কৰিছে।চুবুৰীয়া পশ্চিমবংগত সম্ভৱত আত্মগোপন কৰিছে!শীঘ্ৰে কৰায়ত্ত কৰিব পাৰিম বুলি লগতে কয়।
তাৎপৰ্যপূৰ্ণ কথা এই যে , যোৱা ৮মার্চত কিশোৰীৰ পৰিয়ালে পানবজাৰ মহিলা আৰক্ষী থানাত দলবদ্ধ ধর্ষণকাণ্ডৰ প্ৰসংগত দাখিল কৰিছিল এজাহাৰ।পাঁচ অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ।পানবজাৰ মহিলা থানাত ১৯/২২নম্বৰত ৰুজু হয় গোচৰ।তাৰ ভিত্তিতে তদন্ত কৰি মূল অভিযুক্ত বিকিক গ্ৰেপ্তাৰ কৰিছিল।
- Log in to post comments
- 9 views