দশম শ্ৰেণীলৈ অসমত হিন্দী বাধ্যতামূলক কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আছু-কৃষক মুক্তিৰ

A

নিউজ ডেস্ক:

"অসমৰ বিদ্যালয়সমূহত ইতিমধ্যে অষ্টম শ্রেণীলৈ হিন্দী ভাষাটো বাধ্যতামূলক কৰিছে।ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰতে  বৰ্তমান অষ্টম শ্রেণীলৈ হিন্দী শিকিছে।নৱম-দশমত কোনোৱে ইচ্ছা কৰিলে হিন্দী পঢ়িব পাৰে।কিন্তু বাধ্যতামূলক ভাৱে আন প্ৰদেশৰ ভাষা জাপি দিব বিচাৰিলে পৰিণাম ভয়ংকৰ হ’ব"- হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ।অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য সাতখন ৰাজ্যত দশম শ্রেণী পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলক ভাৱে হিন্দী ভাষা জাপিব সেইয়া মানি লোৱা নহব।অসমৰ মানুহে ইয়াৰ প্ৰতিবাদ কৰিব।উত্তৰ-পূৰ্বাঞ্চলজুৰি আন্দোলন হ’ব লগতে তেওঁ কয়।অসমৰ বিদ্যালয়ত অষ্টমশ্ৰেণীলৈ হিন্দী ভাষা চলিছে তাত কোনো বাধা নাই।বাধ্যতামূলক ভাৱে দশম শ্ৰেণীলৈ জাপিলে প্ৰতিবাদ হ’ব বুলি উল্লেখ কৰি নাথে কয়-নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিতো মাতৃভাষাক গুৰুত্বৰে শিক্ষাদানৰ কথা কোৱা হৈছে।আমাৰ ওপৰত ভাষাৰ বোজা জাপি দিব কেতিয়াও হ’ব নোৱাৰে।জনতা মূল্যবৃদ্ধিত কোঙা হৈছে, ত্ৰাহি ত্ৰাহি দেখিছে।মূল্যবৃদ্ধিৰ বিষয়টো তল পেলাব কাৰণে গৃহমন্ত্ৰী গৰাকীয়ে ভাষাৰ কথা জাপি বিষয়টোৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে।২০১৯চনতো এনেকুৱা এটা সিদ্ধান্ত লৈছিল তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বিৰোধিতা কৰিছিল।গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰতিবাদ কৰিব লাগে-আছুৰ সভাপতি গৰাকীয়ে আহ্বান জনাই কয়।
উল্লেখ্য যে শুকুৰবাৰে গৃহমন্ত্ৰী অমৃত শ্বাহে চৰকাৰী ভাষা বিষয়ক সংসদীয় সমিতি বৈঠকত উত্তৰ-পূৰ্বৰ ৮খন ৰাজ্যত দশমশ্রেণীলৈ হিন্দী ভাষা বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছিল।গৃহমন্ত্ৰীৰ মন্তৱ্যক অসমৰ বিভিন্ন জাতীয় দলসংগঠনে তীব্র বিৰোধিতা কৰিছে।বিজেপি চৰকাৰৰ এক দেশ, এক ভাষা, এক নীতিৰ ধাৰনা গণতন্ত্ৰৰ পৰিপন্থী।সংবিধানৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত আঘাত সানিব বিচাৰিছে এই অভিযোগ কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক বিতু সোণোৱালৰ ।বিষয়টোৰ বিৰোধিতা কৰি তেওঁ কয়- ভাৰত চৰকাৰে উপলব্ধি কৰক দেশত 'জন গণ মন' থকাৰ পাছতো 'অ মোৰ আপোনাৰ দেশ' আমাৰ জাতীয় সংগীত।'ভাৰত মাতা জয়' কোৱা পাছতো আমি জয় আই অসম কওঁ।বিজেপি চৰকাৰ অহাৰ পৰা এটা এটাকৈ অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে।অসম লোকসেৱা পৰীক্ষাৰ পৰা অসমীয়া প্রশ্নকাকত উঠাই পেলাইছে।অসমৰ কিছু জিলাত বহিৰাগত হিন্দীভাষী শিক্ষক অসমীয়া মাধ্যমৰ বিদ্যালয়ত নিযুক্তি দিছে।চৰকাৰৰ হিন্দী বাধ্যতামূলক সিদ্ধান্ত বাতিল কৰিব লাগে- সোণোৱালে কয়।অসমৰ জাতীয় সংগঠনসমূহে দীৰ্ঘদিনে দাবী জনাই আহিছে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ বাবে।কিন্তু সেই কথা গুৰুত্বহীন কৰি তেওঁলোকে হিন্দী বাধ্যতামূলক কৰিব ওলাইছে।সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিব লাগে।অন্যথা ইয়াৰ বিৰুদ্ধে গঢ়ি তোলা হ’ব প্ৰতিবাদ।

Your Comments