
নিউজ ডেস্ক:
চিত্ৰকলা, হস্তনিৰ্মিত সামগ্ৰী চাল-চুলিৰ যতন, খাদ্য-সামগ্ৰী, বিহুৰ পিঠা-পনা আৰু দীৰ্ঘস্থায়ী কাপোৰলৈকে, উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীয়ে নিজে প্ৰস্তুত কৰা সামগ্ৰী সম্ভাৰেৰে গুৱাহাটীত শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হৈছে এখন বিশেষ আকৰ্ষণীয় প্ৰদৰ্শনী তথা বিক্ৰীৰ কাৰ্যসূচী।গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত তিনিদিনীয়াকৈ ১০এপ্ৰিললৈ অনুষ্ঠিত হ’ব এই প্ৰদৰ্শনী তথা বিক্ৰীৰ কাৰ্যসূচী।প্ৰদৰ্শনীত ২০গৰাকী উদিয়মান প্ৰতিভাসম্পন্ন শিল্পীয়ে একক বৈশিষ্টপূৰ্ণ সৃষ্টিৰাজী প্ৰদৰ্শন কৰিছে। শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা প্ৰদৰ্শনথলী উদ্বোধন কৰে জনপ্ৰিয় নেচাৰেল অনুৰাধা ফেব্ৰিক ব্ৰেণ্ডখ্যাত অনুৰাধা কুলীয়ে। কাৰ্যসূচীৰ প্ৰথম দিনা ৰাইজৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি পোৱাৰ কথা জানিব দিয়ে আয়োজকসকলে।
- Log in to post comments
- 5 views