
নিউজ ডেস্ক:
ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত চলাচল কৰা যাত্ৰীবাহী বাহনৰ ভাড়া ৭০শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ পোনতে নাকচ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।সদৌ অসম মটৰ পৰিবহণ সন্থাই ৰাজ্যৰ পৰিবহণ আয়ুক্তলৈ ভাড়া বৃদ্ধিৰ প্ৰসংগত বৃহস্পতিবাৰে প্ৰেৰণ কৰিছিল স্মাৰক পত্ৰ।যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি প্ৰসংগত শুকুৰবাৰে পৰিবহণ মন্ত্ৰী পাটোৱাৰীয়ে কয় যে -পৰিবহন সন্থাই ভাড়া বৃদ্ধি কৰিবলৈ আৱেদন জনাইছে কিন্তু আমি মানি লোৱা নাই।বৰ্তমান বৃদ্ধি কৰিব নোৱাৰিব বাছ ভাড়া।ভাড়া বৃদ্ধিৰ আৱেদন কৰা মানেই বৃদ্ধি নহয় ভাড়া।
ইফালে ভাড়া বৃদ্ধি প্ৰসংগত সদৌ অসম মটৰ পৰিবহণ সন্থাই বিশেষ সূত্ৰ উত্থাপন কৰিছে।সূত্ৰৰ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয়- যোৱাবাৰ বিধানসভাত বিষয়টো আনি বাছভাড়া বৃদ্ধি কৰা হৈছে।বৰ্তমান অস্থায়ী ভাৱে পেট্ৰ’ল -ডিজেলৰ দাম বৃদ্ধি হৈছে।সদায় বাঢ়ি নাথাকে,কমিব।পেট্ৰ’ল-ডিজেলৰ দাম কমিলে এতিয়া ভাড়া বৃদ্ধি হলে তেতিয়াটো ভাড়া নকমাই।গতিকে বাছভাড়া বৃদ্ধি নহয়।
আনহাতে মন্ত্ৰীৰ স্পষ্ট ঘোষণা নিৰ্ধাৰিত নিৰিখতকৈ যদি কোনোবাই ভাড়া বেছিকৈ লোৱাৰ প্ৰমাণ দিব পাৰিলে তেনে বাহনৰ অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিল কৰা হ’ব।নিজৰ খেয়াল-খুচিমতে কথা কলেই নহব।
- Log in to post comments
- 10 views