
নিউজ ডেস্ক:
'বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তৃতীয়খন বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰা দুবছৰ অতিক্ৰম কৰিলে যদিও চুক্তিৰ দফাসমূহ সঠিক ৰূপায়ণ হোৱা নাই।বি টি আৰৰ ভিতৰত চুক্তিৰ কিছুসংখ্যক দফা খৰতকীয়াকৈ ৰূপায়ণ হৈছে।কিন্তু বি টি আৰৰ বাহিৰৰ ২২খন জিলাত বসবাস কৰা প্ৰায় ১০লাখ বড়ো জনগণৰ উপকাৰ হোৱা কাম সমূহ কৰা নাই'-গুৰুতৰ অভিযোগ সংযুক্ত বড়ো গণ মঞ্চৰ।বি টি আৰৰ বাহিৰত থকা বড়ো জনগণৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি দিশসমূহৰ সুৰক্ষা, নিৰাপত্তা আৰু উন্নয়নৰ বাবে চুক্তিত সন্নিৱিষ্ট অধিকাংশ দফা কাৰ্যকৰী হবলৈ বাকী।আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে এইদৰে কয়।
বিটিআৰৰ বাহিৰৰ বড়ো মাধ্যমৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগে।লগতে মহাবিদ্যালয়সমূহত বড়ো বিষয়ৰ প্ৰবক্তা চুক্তিমতে নিযুক্তি দিব লাগে।অসমৰ সকলো চৰকাৰী কাৰ্যালয়ত বড়ো ভাষাক সহযোগী ভাষাৰূপে কাৰ্যকৰী কৰিব লাগে।
ইয়াৰ উপৰিও ২০০৩চনৰ বড়ো শান্তি চুক্তি মতে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়ো সকলক পাহাৰীয়া জনজাতিৰ মৰ্য্যদা দিব লাগে।বিগত দুটা দশক ধৰি বিভিন্ন সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে।
বি টি আৰৰ বাহিৰৰ জনজাতিসকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ বাবে জনজাতি আৱেষ্টনী আৰু খণ্ডৰ বাহিৰত বসবাস কৰা জনজাতিসকলৰ ভূমি বিশেষ ভাৱে সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে।
বড়োলেণ্ড আন্দোলনৰ শ্বহীদসকলৰ সংখ্যা সঠিকভাৱে নিৰূপণ কৰি ঘোষিত পাঁচ লাখ টকাৰ আৰ্থিক অনুদান শীঘ্ৰে প্ৰদান কৰিব লাগে।
বিগত বিধানসভা নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰৰ বিভিন্ন নিকায়-নিগমৰ অধ্যক্ষ-উপাধ্যক্ষ পদত বিটিআৰৰ বাহিৰৰ বড়োলোকক নিযুক্তি দিব লাগে বুলি মঞ্চই কয়।
উল্লেখ্য যে বড়ো তৃতীয় শান্তি চুক্তি স্বাক্ষৰকাৰী সংযুক্ত বড়ো গণ মঞ্চই লগতে কয় চুক্তি মতে বিটিআৰৰ বাহিৰৰ বড়োসকলৰ বাবে চৰকাৰে গঠন কৰা বড়ো-কছাৰী কল্যাণ পৰিষদখনৰ আন্তঃগাঁথনি নিৰ্মানৰ লগতে উন্নয়নৰ আঁচনি ৰূপায়ণৰ বাবে শকত পৰিমাণৰ পুঁজি আৱণ্টন দিব লাগে।
- Log in to post comments
- 17 views