কোকৰাঝাৰৰ দুই ভগ্নীক ধর্ষণ কৰি হত্যা কৰা তিনি ধর্ষণকাৰীক মৃত্যুদণ্ড আদালতৰ

A

নিউজ ডেস্ক:

কোকৰাঝাৰৰ অভয়াখুঁটিত সংঘটিত জঘন্য ধর্ষণকাণ্ডৰ তিনি ধর্ষণকাৰীক মৃত্যুদণ্ড আদালতৰ।বিগত ৯মাহৰ পূৰ্বে সংঘটিত জঘন্য ধর্ষণকাণ্ডৰ তিনি দোষী পাৰিজুল ৰহমান, নাচিবুল আলী শ্বেখ আৰু মুজাম্মিল শ্বেখক আজি আদালতে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে।উল্লেখ্য যে , কোকৰাঝাৰ জিলা বিশেষ ন্যায়াধীশ আদালতে তিনি ধর্ষণকাৰীক দোষী সাব্যস্ত কৰিছিল তিনিদিন পূর্বে।
গুৰুত্বপূৰ্ণ কথা এই যে ,২০২১বৰ্ষৰ ১১জুনত দুই ভগ্নীক এজোপা গছত ধর্ষণ কৰি ওলোমাই থৈছিল লম্পট কেইটাই।ঘটনা সন্দৰ্ভত সাত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।৭অভিযুক্তৰ তিনিজন মূল অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত সামৰি আদালতত দাখিল কৰিছিল অভিযোগনামা।

Your Comments