
নিউজ ডেস্ক:
ৰাজ্যৰ যাত্ৰীৰ বাবে দু-খবৰ।মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাক এইবাৰ আকৌ মাধমাৰ দিবলৈ সাজু সদৌ অসম মটৰ পৰিবহন সন্থা।ৰাজ্যত চলাচল কৰা যাত্ৰীবাহী বাহনৰ ভাড়া ৭০শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে সন্থাটোৱে।ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত যাত্ৰীবাহী বাহনৰ ভাড়া পুনৰ নিৰ্ধাৰণ কৰিবলৈ অসম চৰকাৰৰ পৰিবহন আয়ুক্তলৈ সন্থাটোৱে প্ৰেৰণ কৰিছে তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ।স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি বাহনৰ কৰ বৃদ্ধি, টোল টেক্স বৃদ্ধি, ইঞ্চুৰেঞ্চ বৃদ্ধিৰ উপৰিও বাহনৰ অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।তাৰ পৰিপ্ৰেক্ষিতত ৭০শতাংশ বাহনৰ ভাড়া বৃদ্ধিৰ দাবী জনাইছে সন্থাটোৱে। প্ৰস্তাৱ মৰ্মে বাহনৰ ভাড়া বৃদ্ধি হলে গুৱাহাটীত চলাচল কৰা চিটিবাছৰ ন্যূনতম ভাড়া হ'ব ১৭টকা।
ইয়াৰ উপৰিও দূৰণিৱতীয়া বাছসেৱাটো প্ৰযোজ্য হ’ব এই ৭০শতাংশ ভাড়া বৃদ্ধি।উল্লেখ্য যে ২০২১চনত ২৫ শতাংশ যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি কৰিছিল।
- Log in to post comments
- 11 views