এনকাউণ্টাৰত গুলিবিদ্ধ হৈ মৃত্যু হোৱা সূৰুজ গগৈক 'অমৰ মৃতক' ঘোষণা আলফা(স্বা)ৰ

A

 

B

নিউজ ডেস্ক:

সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা(স্বা) লিংকমেনৰ সন্দেহত চৰাইদেউ জিলাৰ সোনাৰীত গুলিবিদ্ধ হোৱা সূৰুজ গগৈৰ অৱশেষত মৃত্যু।ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু সূৰুজৰ।যোৱা ৪মাৰ্চত সোনাৰী আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিল বেতবাৰীৰ সূৰুজক।চিকিৎসাধীন অৱস্থাত মঙলবাৰে সুৰুজৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল।
আনহাতে আলফা(স্বা)য়ে মৃত সূৰুজক 'অমৰ মৃতক' ঘোষণা কৰিছে।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃত্তিত আলফা(স্বা)য়ে কয়- সুৰুজ গগৈ সংগঠনৰ কোনো যোগাযোগকাৰী নাছিল।চৰাইদেউ আৰক্ষীয়ে সুস্থ মগজুৰে ভৰিত গুলি কৰি চিকিৎসালয়ৰ বিছনাত পেলাই থৈছিল।
উল্লেখ্য যে  সুৰুজে মৃত্যুৰ সময়ত পত্নী সহিতে এটি কণমানি সন্তান এৰি থৈ গৈছে।

Your Comments