অসমত বাংলাদেশী মুক্ত এনআৰচিৰ বাবে প্ৰয়োজনত ডিএনএ(DNA) টেষ্ট হওক- প্ৰবীণ টোগাড়ীয়া

A

নিউজ ডেস্ক:


অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এনআৰচি ভিত্তি বৰ্ষ ৭১ৰ পৰিৱৰ্তে ৫১ ৰ দাবী আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডাঃ প্ৰবীণ টোগাড়ীয়াৰ।“প্ৰকাশিত এনআৰচিৰ চূড়ান্ত তালিকা পুনৰীক্ষণ কৰি বাংলাদেশী মুক্ত কৰি ৫০লাখ বাংলাদেশীক বাংলাদেশলৈ প্ৰেৰণ কৰক।প্ৰয়োজনত প্ৰতিজিলাত সন্দেহযুক্ত ব্যক্তিৰ তেজৰ নমুনা সংগ্ৰহ কৰি  ডিএনএ টেষ্ট কৰিব লাগে"-গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক মন্তৱ্য প্ৰদান কৰে নেতা গৰাকীয়ে।অসমীয়া বীৰ লাচিতৰ আদৰ্শৰে আগবাঢ়ি অহা এবছৰৰ ভিতৰত অসমক বাংলাদেশী মুক্ত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীক।
বাংলাদেশীৰ হাতৰ পৰা অসমৰ সত্ৰ ভূমি বেদখল মুক্ত কৰা,মাদ্ৰাছা পৰিচালনাৰ বাবে চৰকাৰে আগবঢ়োৱা অনুদান বন্ধ কৰা আৰু যুৱ-প্ৰজন্মক ড্ৰাগছৰ কৱলৰ পৰা উদ্ধাৰ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপক ধন্যবাদ তথা কৃতজ্ঞতা জনায় সভাপতি গৰাকীয়ে।
আনহাতে দেশত দেখা দিয়া ভয়াৱহ নিবনুৱা সমস্যাত উদ্বেগ প্ৰকাশ কৰে টোগাড়ীয়াই।নিবনুৱা সমস্যা ৰোধ কৰিব নোৱাৰিলে দেশজুৰি আন্দোলনৰ হুংকাৰ।তেওঁ লগতে দেশৰ প্ৰতিজন ই- শ্ৰম কাৰ্ড থকা ব্যক্তিক বছৰি ৬০০০টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনায়।
আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে দেশৰ নিবনুৱাক সংস্থাপনৰ বাবে National Self Employment Forum এপ্ৰিলৰ শেষৰ ফালে গঠন কৰিব বুলি জানিব দিয়ে।যাৰ যোগে ভাৰতৰ ১০০০টা স্থানত ১০হাজাৰ নিবনুৱাক নিযুক্তি দিব।অসমৰ গামোচা,মেখেলা,চেলেং অসমৰ ১০০০ লোকৰ জৰিয়তে দেশৰ ১০০টা স্থানত বিক্ৰীৰ ব্যৱস্থা কৰিব বুলি সংবাদমেলত কয়।যাৰ যোগেদি অসমৰ নিবনুৱা সংস্থাপনৰ বাট মুকলি কৰিব পাৰিব।দেশত দৰিদ্ৰসকল দৰিদ্ৰ হৈ গৈ আছে আৰু ধনীসকল ধনী হৈ গৈ আছে।দেশত ১শতাংশ GDP বৃদ্ধি হ'লে ১কোটি চাকৰিৰ ব্যৱস্থা হ’ব লাগে-লগতে তেওঁ কয়।
আনহাতে সংবাদমেলতে চৰ্চিত ছবি কাশ্মীৰ ফাইলছ ভাৰতৰ বিগত ৩২বছৰৰ কেন্দ্ৰীয় চৰকাৰৰ বিফলতাৰ প্ৰমাণপত্ৰ বুলি উল্লেখ কৰি তেওঁ কয়-অসম ফাইলছ যদিহে নিৰ্মাণ হ’ব নালাগে তেন্তে ৫১ভিত্তিবৰ্ষ এন আৰ চি পুনৰীক্ষণ কৰিব লাগিব।

Your Comments