
নিউজ ডেস্ক:
অসমৰ দুখনকৈ আসনৰ বাবে অনুষ্ঠিত হোৱা শেহতীয়া ৰাজ্যসভা নিৰ্বাচনত ধনৰ লেনদেনৰ অভিযোগৰ তদন্ত বিচাৰি দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল।দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে দাখিল কৰে এজাহাৰ।উল্লেখ্য যে ধনৰ বিনিময়ত বিধায়ক ক্ৰয়-বিক্রী হোৱা অভিযোগ উত্থাপন হৈছে নিৰ্বাচনত।এই অভিযোগৰ-প্রতি অভিযোগ তুলিছে একাংশ ৰাজনৈতিক দলৰ বিধায়কে।বিশেষকৈ কংগ্রেছ প্ৰাৰ্থী ৰিপুন বৰাই এআইইউডিএফক প্ৰায় ডেৰ কোটি টকা দিছিল ভোট দিয়াৰ বাবে ৷ খোদ কংগ্ৰেছ দলৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্হই সংবাদ মাধ্যমত কৈ আহিছে।এআইইউডিএফ বিধায়ক কৰিমুদ্দিন বৰভূঞাই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মানৱ ডেকাৰ পৰা ১৫ লাখ টকা লৈ ভোটদান কৰিছে বুলি ৰাজহুৱাকৈ মন্তব্য কৰি আহিছে।একেদৰে শাসকীয় দলৰ পৰাও এ আই ইউ ডি এফে টকা লোৱা বুলি কংগ্ৰেছ দলৰ বিধায়কে কৰি আহিছে মন্তৱ্য।সমগ্ৰ মন্তৱ্যৰ ভিত্তিতে সংগঠনটোৱে তদন্তৰ দাবী জনাই সোমবাৰে এজাহাৰ দাখিল কৰে ।
- Log in to post comments
- 48 views