চৰকাৰে বিহু সমিতিক আৰ্থিক সাহায্য প্ৰদান কৰা কাৰ্যক সমালোচনা দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ

A

নিউজ ডেস্ক:

ৰঙালী বিহুৰ সাতবিহুৰ পৰম্পৰাৰ মাজত বিহু উদযাপন কৰা বিহু সমিতিক অসম চৰকাৰে এককালীন সাহায্য প্ৰদান কৰা সিদ্ধান্তক বিৰোধিতা দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজকোষটো ব্যক্তিগত চন্দুক বা গডৰেজ বুলি ভবা ধাৰণাটো ভুল।এই অদৰকাৰী আৰু অপ্ৰয়োজনীয় ব্যয় বিলাকে ৰাজ্যৰ অৰ্থনীতি ডুবোৱাৰ বাদে আন একো কৰিব নোৱাৰে-সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয়।নিৱনুৱাৰ চাকৰি আবেদনৰ মাচুল বিনামূলীয়া কৰিব নোৱাৰা চৰকাৰে বিহু সমিতিক টকা বিতৰণ কৰা বিষয়টো কেতিয়াও গ্ৰহণযোগ্য নহয়।শাসকে এনেধৰণৰ অপ্ৰয়োজনীয় ব্যয় কৰাটো গণতান্ত্ৰিক পৰম্পৰাত কেতিয়াও গ্ৰহণযোগ্য নহয়- লগতে তেওঁ কয়।
উল্লেখ্য যে ৰাজ্যৰ ১২৬৭খন বিহু কমিটিক ১.৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে চৰকাৰে। 
তাৎপৰ্যপূৰ্ণ কথা যে প্ৰায় ১৮কোটিতকৈ অধিক ধন বিহু আয়োজনৰ নামত চৰকাৰী ৰাজকোষৰ পৰা ব্যয় কৰাটো-ঋণ লৈ ঘিউ খোৱাৰ দৰে হৈছে বুলি উল্লেখ কৰি তেওঁ কয়-অসম চৰকাৰে ৰাজহুৱা ধনৰ এনে অপচয় ৰোধ কৰিব লাগে।

Your Comments