১২৬৭খন বিহু কমিটিলৈ অসম চৰকাৰৰ ১.৫লাখ টকা এককালীন আৰ্থিক সাহায্য

A

নিউজ ডেস্ক:

ৰঙালী বিহুৰ উদযাপনত চান্দা সংস্কৃতি বন্ধ কৰাৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰে বিহু কমিটিসমূহক আজিৰ পৰা প্ৰদান কৰিছে এককালীন আৰ্থিক সাহায্য।ৰঙালী বিহুৰ পৰম্পৰাগত সাতবিহুৰ ভিতৰত বিগত ১০বছৰে বিহু উদযাপন কৰি অহা মুঠ ১২৬৭খন বিহু কমিটিক আগবঢ়াব ডেৰ লাখ টকাকৈ এককালীন সাহায্য।আজি গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে এককালীন সাহায্য প্ৰদান কাৰ্যসূচী।অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত প্ৰদান কৰা হৈছে এই পুঁজি।উল্লেখ্য যে কামৰূপ(ম) ১৩৮খন, কামৰূপ(গ্রাম্য) ১৪২খন কমিটিয়ে লাভ কৰিব আৰ্থিক সাহায্য।ঐতিহাসিক লতাশিল বিহু সন্মিলনীক আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা।
আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী শৰ্মাই কয়- বিহুৰ নামত জোৰকৈ দান-বৰঙনি লোৱাটো গ্ৰহনযোগ্য নহয়।কোনোবাই নিজে আনন্দিত হৈ বৰঙণি দিলে কথা নাই।প্ৰতিখন বিহু কমিটিকে এটাকৈ বিহুদল গঠনৰো আহ্বান জনায়।বিহু পতা এমাহৰ আগৰ পৰা এটাকৈ হুঁচৰি দল গঠন কৰক।
আনহাতে বিহুক বিহু হিচাপে পালন কৰা আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়-বিহুত অসমীয়া বিহুৱান ব্যৱহাৰ কৰাৰ লগতে অসমীয়া খাদ্য ব্যৱহাৰ কৰক।বিহু সমিতিসমূহে অতিথি আপ্যায়নত লাড়ু-পিঠা ব্যৱহাৰ কৰক।
ইফালে সাতদিনত বিহু অনুষ্ঠান সামৰণি মৰা সন্দৰ্ভত শৰ্মাই কয়-এমাহ বিহু পাতিবলৈ  বাধা দিয়া নাই,কেৱল আইন-কানুন মানি পাতক।সাতবিহুৰ পাছত পতা বিহু বিহু নহয় সাংস্কৃতিক অনুষ্ঠানহে।বিহুত এইবাৰ যাতে হস্ততাঁতৰ গামোচা ব্যৱহাৰ হয় তাৰ প্ৰতি গুৰুত্ব দিয়াৰ আহ্বান জনাইছে ।অসমৰ গামোচাই এটা মান্যতা পাওঁক-শৰ্মাই কয়।
তাৎপৰ্যপূৰ্ণ কথা এই যে , ৰাজ্যৰ অন্য প্ৰান্তৰ বিহু সমিতিসমূহক জিলা উপায়ুক্তই অহা ৬-৭ এপ্ৰিলত এই আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

Your Comments