
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে।ভিনিয়েকৰ কামনাৰ বলি এগৰাকী ১৪বছৰীয়া কিশোৰী।খুলশালী গৰাকী বৰ্তমান অন্তঃসত্বা বুলি জানিব পৰা গৈছে ।উজানবজাৰ উৰিয়াবস্তিত সংঘটিত হৈছে এই জঘন্য ঘটনা।ভুক্তভোগী কিশোৰীগৰাকীৰ আইতাক আৰু মাহীয়েকে পানবজাৰ মহিলা আৰক্ষী থানাত গোচৰ দাখিলৰ পাছতে পোহৰলৈ আহিছে এই জঘন্য কাণ্ডৰ কথা।
উল্লেখ্য যে আইতাক আৰু মাহীয়েকে দেওবাৰে বিয়লি ৫বজাত দাখিল কৰিছিল এজাহাৰ।কিশোৰী গৰাকীৰ দুদিন পূৰ্বে স্বাস্থ্য বেয়া হৈছিল।স্বাস্থ্য পৰীক্ষা কৰোৱাত অন্তঃসত্বা বুলি ধৰা পৰে।
ইফালে পানবজাৰ মহিলা আৰক্ষী থানাই ২৪/২২নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি ধাৰা ৩৭৬(২)(আই) সংলগ্নধাৰা POSCO ৬ৰ অধীনত দেওবাৰেই মেঘালয়ৰ বৰ্ণিহাটত আত্মগোপন কৰি থকা অৱস্থাত কেশৱ দাস(২১)ক গ্ৰেপ্তাৰ আৰু কিশোৰী গৰাকীক উদ্ধাৰ কৰে।বৰ্ণিহাটৰ পৰা চাইল্ড লাইনৰ সহযোগত পানবজাৰ মহিলা আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰী গৰাকীক।তাৎপৰ্যপূৰ্ণ কথা এই যে ধৃত কেশৱৰ পত্নী সিহঁতৰ লগতে থকাৰ কথা জনাইছে আৰক্ষীয়ে।কিশোৰী গৰাকীৰ জ্যেষ্ঠভগ্নীক বিয়া কৰাইছিল ধৃত কেশৱে।বর্তমান এটি কন্যা সন্তানৰ পিতৃ কেশৱ ।ধৃত কেশৱক গ্ৰেপ্তাৰ কৰি অন্তঃসত্বা কিশোৰী গৰাকীক চাইল্ড লাইনক গতাই দিয়ে আৰক্ষীয়ে।আজি আৰক্ষীয়ে ধৃত কেশৱক হাজিৰ কৰিব আদালতত।
- Log in to post comments
- 30 views