বৰদলৈ ট্ৰফী ফুটবলত নাগালেণ্ড পুলিচক পৰাস্ত কৰি দিল্লী এফ চি চেম্পিয়ন

A

B

নিউজ ডেস্ক:

বৰদলৈ ট্ৰফী ফুটবলৰ চূড়ান্ত খেলত দিল্লী এফচি জয়ী।নাগালেণ্ড পুলিচক ১-০গ'ল ব্যৱধানত পৰাস্ত কৰি  চেম্পিয়ন খিতাপ দখল দিল্লীৰ।উল্লেখ্য যে ,যোৱা ২৪মার্চৰ পৰা অনুষ্ঠিত হৈছিল ৬৮সংখ্যক লোকপ্রিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল।গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ফাইনেল খেলখন।ফাইনেল খেলখনত উপস্থিত থাকে গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিং, অসম আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিং।তাৎপৰ্যপূৰ্ণ যে এইবাৰ টুৰ্ণামেণ্টত ১৬টা দলে অংশগ্ৰহণ কৰিছিল।টুৰ্ণামেণ্টত বিজয়ী দলটোৱে লাভ কৰে ২লাখ টকাৰ বিপৰীতে ৰানাৰ্ছ আপে লাভ কৰে ১লাখ টকা।
তাৎপৰ্যপূৰ্ণ কথা এই  যে দিল্লী এফ চিয়ে প্ৰথমবাৰৰ বাবে ফাইনেলত অৱৰ্তীন হৈছিল।বিপৰীতে নাগালেণ্ড পুলিচে ২০০৯চনত ফাইনেলত অৱৰ্তীন হৈছিল।ইফালে এইবাৰ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে কচুকে য়ামাজাকিয়ে।

Your Comments