গুৱাহাটীত ৮-১০এপ্ৰিললৈ টেবুল টেনিছ প্ৰিমিয়াৰ লীগ

A

B

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ।টেবুল টেনিছ অসমবাসী তথা উঠি অহা নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয়তা কৰাৰ উদ্দেশ্যৰে নগেন হাজৰিকা টেবুল  ফাউণ্ডেচনে আয়োজন কৰিছে প্ৰিমিয়াৰ লীগ।আজি এই কথা এক সংবাদমেলত অৱগত কৰে আয়োজক সমিতিৰ সাধাৰণ সম্পাদক মানস দাসে।৮-১০এপ্ৰিললৈ গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা টুৰ্ণামেণ্টখনত ৰাজ্যৰ ১৬ টাকৈ দলে অংশগ্ৰহণ কৰিব।সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰায় ৩২গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগিতা খনত ৰাজ‍্যৰ প্ৰায় ২৫০গৰাকী খেলুৱৈয়ে অংশ ল’ব।এই কথা গুৱাহাটীৰ লেণ্ডমাৰ্ক হোটেলত সংবাদমেল সম্বোধন কৰি আয়োজক সমিতিয়ে কয়।গুৰুত্বপূৰ্ণ কথা এই যে ,প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দলটোক নগদ ১লাখ টকা প্ৰদান কৰা হ’ব।ইয়াৰ সমান্তৰালকৈ প্ৰতিটো অংশগ্ৰহণকাৰী দলক পুৰস্কৃত কৰিব।
তাৎপৰ্যপূৰ্ণ কথা এই যে  ক্ৰীড়াপ্ৰেমী ৰাইজে সম্পূৰ্ন বিনামূলীয়া কৈ উপভোগ কৰিব পাৰিব খেলখন।

Your Comments