হিমাৰ সৈতে মুখ্য মন্ত্ৰীৰ মত-বিনিময় অনুষ্ঠান

হিমাৰ সৈতে মুখ্য মন্ত্ৰীৰ মত-বিনিময় অনুষ্ঠান

অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱা অসম কন্যা হিমা দাসৰ সৈতে বৃহস্পতিবাৰে আবেলি মুখ্য মন্ত্ৰী এক মত-বিনিময় অনুষ্ঠানত মিলিত হয় ।

মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত এই মত-বিনিময় অনুষ্ঠান ।

হিমাৰ সৈতে মুখ্য মন্ত্ৰীৰ মত-বিনিময় অনুষ্ঠান

অনুষ্ঠানত 'উৰন্ত অসমীয়া' হিমাৰ সৈতে মুখ্য মন্ত্ৰীয়ে ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে ।

লগতে অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱা হিমা দাসক অসমবাসীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে ।

হিমাৰ সৈতে মুখ্য মন্ত্ৰীৰ মত-বিনিময় অনুষ্ঠান

প্ৰাপ্ত খবৰ অনুসৰি মুখ্য মন্ত্ৰীয়ে ৰাজ্যিক সম্বৰ্ধনা অনুষ্ঠানত হিমাক চৰকাৰী দিয়া হ'ব বুলি ঘোষণা কৰা সন্দৰ্ভতো উক্ত অনুষ্ঠানত হিমাই মুখ্য মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে ।

অন্য এক সূত্ৰমতে, দৌৰৰাণীগৰাকীয়ে মুখ্য মন্ত্ৰীক আৰক্ষী অধীক্ষকৰ পদৰ প্ৰস্তাৱ দিছিল যদিও মুখ্য মন্ত্ৰীয়ে এই প্ৰস্তাৱ সদ্যহতে নাকছ কৰিছে । ইয়াৰ সলনি মুখ্য মন্ত্ৰীয়ে হিমাক ৰাজপত্ৰিত বিষয়াৰ যিকোনো এটা পদ নিৰ্বাচন কৰিবলৈ আহ্বান জনায় ।

আনহাতে, মুখ্য মন্ত্ৰীয়ে হিমাক এইবুলিও আশ্বাস দিয়ে যে যদি অলিম্পিকত হিমাই স্বৰ্ণ জয় কৰিব পাৰে তেতিয়া উপ-আৰক্ষীৰ পদত নিযুক্তি দিয়া হ'ব ৷ এই মত বিনিময় অনুষ্ঠানত হিমাৰ সৈতে উপস্থিত থাকে প্ৰশিক্ষক নিপন দাস ।

লগতে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেষ গোস্বামীও উপস্থিত থাকে ।

Your Comments