অক্টোবৰৰ পৰা অসমত আধাৰ কাৰ্ড : জানিবলগীয়া কেইটামান কথা

অক্টোবৰৰ পৰা অসমত আধাৰ কাৰ্ড : জানিবলগীয়া কেইটামান কথা

বহুপ্ৰতীক্ষিত আধাৰ কাৰ্ড অসমত কাৰ্যকৰী হ'ব অক্টোবৰৰ পৰা ৷ যদি সকলো ঠিকে থাকে তেতিয়াহ'লে অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰাই অসমত আধাৰ কাৰ্ডৰ কাম ক্ষিপ্ৰ গতিত আৰম্ভ হোৱাৰ আশা কৰা হৈছে ৷

সাধাৰণ প্ৰশাসন বিভাগৰ ৰাজ্যিক পঞ্জীয়কে এই কামৰ বাবে ৬টা তালিকাভুক্ত কোম্পানীক কামৰ অনুমতি প্ৰদান কৰিছে ৷ এই প্ৰকল্পটোৰ বাবে সমগ্ৰ অসমক ১০টা মণ্ডলত ভাগ কৰা হৈছে ৷

সাধাৰণ প্ৰশাসন বিভাগে ইতিমধ্যে ৰাজ্যৰ ৩৩খন জিলাৰ ১,২৪১টা পঞ্জীয়ন কেন্দ্ৰক চিনাক্ত তথা জাননী জাৰি কৰিছে ৷

জিলাৰ উপায়ুক্তগৰাকী হ'ব পঞ্জীয়ন এজেন্সী আৰু তেওঁৰ তত্ত্বাৱধানতে আধাৰ কাৰ্যকৰী কাম চলিব ৷

এই সম্পৰ্কে সকলো উপায়ুক্তলৈ জাননী প্ৰেৰণ কৰা হৈছে ৷

অক্টোবৰৰ পৰা অসমত আধাৰ কাৰ্ড : জানিবলগীয়া কেইটামান কথা

আধাৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় (আবেদন আৰু দাখিল)

* ভাৰতৰ একক চিনাক্তকৰণ প্ৰাধিকাৰীয়ে ১২টা সংখ্যাৰ এখন কাৰ্ড ভাৰতীয় বাসিন্দাৰ নামত পঞ্জীয়ন হ'ব আৰু সেইখনকে আধাৰ কাৰ্ড কোৱা হয় ৷

* নাগৰিকসকলক পঞ্জীয়ন কাৰ্যালয়ত আধাৰ কাৰ্ড পঞ্জীয়ন আবেদন প্ৰ-পত্ৰ প্ৰদান কৰা হ'ব ৷

* প্ৰ-পত্ৰ অন্‌-লাইনযোগে UIDAI  ৱেবছাইটৰ পৰা ডাউনলোডো কৰিব পাৰিব বা নিকটৱৰ্তী আধাৰ পঞ্জীয়ন কেন্দ্ৰ, বেংক, ডাকঘৰ আদিতো উপলব্ধ হ'ব ৷

*  আবেদন দাখিলৰ ১০-১২ দিনৰ পিছত অন্‌-লাইনযোগে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব ৷

* মনত ৰাখিব, আধাৰ কাৰ্ড এখন বাসিন্দাৰহে প্ৰমাণ-পত্ৰ, নাগৰিকত্বৰ নহয় ৷

* আধাৰ কাৰ্ড সৃষ্টিৰ বাবে এগৰাকী ব্যক্তিয়ে ঠিকনাৰ প্ৰমাণ-পত্ৰ/জন্মৰ প্ৰমাণ-পত্ৰ/বাসিন্দাৰ প্ৰমাণ-পত্ৰ আদি আবেদন প্ৰ-পত্ৰৰ লগত দাখিল কৰিব লাগিব ৷

* এগৰাকী ব্যক্তিয়ে তেওঁৰ আধাৰ কাৰ্ড/আধাৰ নম্বৰ বিনমূলীয়াকৈ লাভ কৰিব ৷

* বেংক একাউণ্ট খোলা, পাৰপত্ৰ (পাছপোৰ্ট)ৰ বাবে আবেদন, ই-টিকেট বুকিং তথা অন্যান্য ক্ষেত্ৰত পৰিচয় প্ৰদানৰ বাবে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব ৷

Your Comments