বিকি প্ৰসাদ গুপ্তাক প্ৰহাৰৰ ঘটনা গ্ৰহণযোগ্য নহয়- দেবাশীষ বৰা, এডিচিপি

A

নিউজ ডেস্ক:

গুৱাহাটীৰ পল্টনবজাৰত মটৰ চাইকেল আৰোহী বিকি প্ৰসাদ গুপ্তাক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাই লজ্জিত কৰিছে অসম আৰক্ষীক।গুণ্ডাৰূপী পল্টনবজাৰ আৰক্ষীৰ যান-বাহন শাখা কনিষ্টবল ফকৰুদ্দিন আহমেদক নিলম্বন আৰু ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ ডেকাক ইতিমধ্যে ৰিজাৰ্ভ ক্লজ কৰিছে আৰক্ষী শীৰ্ষ মহলে।ইফালে সমগ্ৰ ঘটনাত আৰক্ষীৰ  ভুল থকা কথা স্বীকাৰ কৰিছে কামৰূপ(ম) যান-বাহন শাখা আৰক্ষী অতিৰিক্ত আয়ুক্ত দেৱাশীষ বৰাই।এনে ঘটনাৰ অসম আৰক্ষীৰ বাবে গ্রহণযোগ্য নহয়।“কনিষ্টবলজনৰ ব্যক্তিগত আক্ৰমণ আছিল, তাৰ বাবে দুঃখিত।ঘটনাক লৈ বিকি প্ৰসাদ গুপ্তাৰ পত্নী পুনম দাস আৰু দেউতাকৰ সৈতে কথা পাতিছো মালিগাঁৱৰ ঘৰত গৈ।গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বিকি প্ৰসাদ গুপ্তাৰ পৰাও সমগ্ৰ ঘটনাৰ বুজ লৈছো”- বৰাই কয়।উল্লেখ্য যে ,ঘটনাৰ তদন্ত অতিৰিক্ত আয়ুক্ত গৰাকীয়েই কৰিছে।
আনহাতে মটৰ চাইকেল আৰোহী জনক জেললৈ প্ৰেৰণ কৰিছে।সেই প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত বৰাই কয়- আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদে দিয়া এজাহাৰৰ ভিত্তিত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৫১/২২ নম্বৰ গোচৰত ।ইফালে বিকি প্ৰসাদ গুপ্তাৰ পত্নীয়েও ফকৰুদ্দিন আহমেদ নামৰ আৰক্ষী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দিছে।৫২/২২ নম্বৰত পল্টনবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে।দুয়োটা গোচৰৰে বৰ্তমান তদন্ত চলি আছে।
ইফালে গুপ্তাক প্ৰহাৰৰ সময়ত অন্য আৰু বহুকেইজন আৰক্ষী ঘটনাৰে জড়িত থকা ভিডিঅ’ত স্পষ্ট হৈছিল।সেই আৰক্ষী কেইজনক ইতিমধ্যে চিনাক্ত কৰা বুলিও বৰাই কয়।তেওঁলোক তদন্তৰ আওতাত আহিব।
উল্লেখ্য যে পত্নী পুনম দাস আৰু কণমানি কন্যা সন্তানৰ সন্মুখতে বিকিক এদল আৰক্ষীয়ে গুৱাহাটী ৰাজপথত প্ৰহাৰ কৰিছিল।

Your Comments