
নিউজ ডেস্ক:
গাড়ীগাঁও কিশোৰী দলবদ্ধ ধর্ষণ কাণ্ডত আৰু এগৰাকী গ্ৰেপ্তাৰ৷ উল্লেখ্য যে , কিশোৰী ধর্ষণকাৰী বিকি আলিসহ অন্য চাৰি অভিযুক্তক OYO হোটেলখনত নথি-পত্ৰ অবিহনেই কোঠা ভাড়ালৈ দিয়াৰ অভিযোগ কৰ্মচাৰী মজুমদাৰৰ বিৰুদ্ধে।গুৰুত্বপূৰ্ণ কথা যে ,আৰক্ষীয়ে আটক কৰি ৰাখিছিল মজুমদাৰক।ইতিমধ্যে দলবদ্ধ ধৰ্ষণৰ মাষ্টাৰ মাইণ্ড বিকি আলি আৰক্ষীৰ গুলীত নিহত হৈছে।বিপৰীতে অন্য চাৰি অভিযুক্ত বৰ্তমানো আৰক্ষী জালত পৰা নাই।গুৰুত্বপূৰ্ণ কথা এই যে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ১০৫নং কোঠাত যোৱা ১৯ ফেব্ৰুৱাৰীত পাঁচ লম্পটে ১৬বছৰীয়া এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীক দলবদ্ধ ধর্ষণ কৰিছিল ।পানবজাৰ মহিলা আৰক্ষী থানাত ১৯/২২নম্বৰত যোৱা ৮মার্চত এই সন্দৰ্ভত গোচৰ ৰুজু হৈছে।
- Log in to post comments
- 20 views