
নিউজ ডেস্ক:
ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতাৰণাৰ ছবি অসম বিধানসভা বাজেট অধিৱেশনত উন্মোচিত।ৰাজ্য চৰকাৰৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণত যে কোনো সদিচ্ছাই নাই তাকে পুনৰ এবাৰ প্ৰতিফলিত হ’ল অসম বিধানসভাৰ পবিত্ৰ সদনত।ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰত ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণীৰ কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে লিখিত উত্তৰত কয়- চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱ প্ৰেৰণ কৰি আহিছে।বিষয়টো বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে।
আনহাতে বিধায়ক কলিতাই বৰ্তমানৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়া প্ৰসংগত আলোচনা বা যোগাযোগ কৰিছে নেকি বুলি সোধা অন্য এটা লিখিত প্ৰশ্নত মন্ত্ৰী পেগুৱে কয়- বর্তমান হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ বা আলোচনা কৰা নাই বুলি স্পষ্টকৈ উত্তৰ দিয়ে।
পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অগপৰ বিধায়ক জনে আৰু প্ৰশ্ন কৰি কয়-বিগত বৰ্ষত ৰাজ্য চৰকাৰে এই সম্পৰ্কীয় এখন মন্ত্ৰীগোটৰ কমিটি গঠন কৰিছিল নেকি?কৰিছিল যদি মন্ত্ৰীগোটৰ পৰামৰ্শ কি আৰু পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ল নেকি?বিধায়ক কলিতাৰ এই প্ৰশ্নত লিখিত উত্তৰ দি মন্ত্ৰী পেগুৱে কয়- মন্ত্ৰীগোটৰ পৰামৰ্শসমূহ চুড়ান্ত হোৱা নাই যাৰ বাবে আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা নাই।
গুৰুত্বপূৰ্ণ কথা যে আহোম,মৰাণ,মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে।সোণোৱাল চৰকাৰৰ দিনত বর্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে এখন কমিটিও গঠন হৈছিল।কমিটিয়ে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰে আলোচনাও কৰিছিল বিষয়টো কিন্তু আশ্চৰ্য জনক ভাৱে সেইগৰাকী অধ্যক্ষ বর্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী তাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিগত প্ৰায় ১বছৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো এবাৰো আলোচনা বা যোগাযোগেই নকৰিলে।
- Log in to post comments
- 19 views