
নিউজ ডেস্ক:
কামৰূপ মহানগৰ জিলাৰ দুটাকৈ পানীযোগান আঁচনিত দুৰ্নীতি সংঘটিতৰ অভিযোগ সংগ্রামী কৃষক শ্ৰমিক সংঘ অসমৰ।জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ছত্ৰছায়াত ৰাণী কঁপিলী আৰু কালমণি জলসিঞ্চন আঁচনিৰ মেৰামতিত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীনেশ দাসে কয় যে পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী বাকাৰা পাৰা আৰু নতুন ৰাণীত ১৯৫০হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষ্যৰে বিগত ২০২০-২১বৰ্ষত ৯.৪০কোটি টকা আবন্টিত হৈছিল। বিশেষকৈ কঁপিলী ১৩,০০০মিটাৰ নলাৰ বাবে ৮কোটি আৰু কালমণিৰ ১১০০ মিটাৰ নলালৈ ১.৪০ কোটি ধন আবন্টিত হৈছিল।উক্ত বৰ্ষতে নির্বিদা আহ্বান কৰি ১৪ জন ঠিকাদাৰক 'ৱৰ্ক অৰ্ডাৰ' দিয়া হৈছিল আৰু ঠিকা লাভ কৰা ঠিকাদাৰসকলে বিগত বৰ্ষৰ শেষৰফালে নলাৰ কাম আৰম্ভ কৰিছিল।নলা চাফা কৰা, নলাৰ বেড দুটাত মাটিৰে সমান কৰালৈ প্ৰায় ঠিকেই আছিল। কিন্তু কৃষক ৰাইজৰ চকু কঁপালত উঠিল তেতিয়া, যেতিয়া নলাৰ বেড দুটাত কোনো ধৰণৰ ৰ'ড, শিল অথবা ইটা নিদি অকল মাটিৰ ওপৰতে ঢালাই কৰা আৰম্ভ কৰিলে।এই সম্পৰ্কত ৰাইজে শাখা বিষয়া জিন্নত উল্লাহক প্রশ্ন কৰাত তেওঁ কয় 'এনেকৈয়ে কাম কৰা এইবাৰ অৰ্ডাৰ আহিছে' বুলি কয়।পৰৱৰ্তী সময়ত আৰ টি আই তথ্য লাভ কৰাত বিয়াগোম কেলেংকাৰী পোহৰলৈ আহে।য'ত ঠিকাপ্রাপ্ত ঠিকাদাৰসকলক 'ৱৰ্ক অর্ডাৰ’তে আৰ চি চি বীম আৰু ইটাৰ ওপৰত ঢালাই কৰাৰ নির্দেশনা আছে- সংবাদমেল খনত তেওঁ কয়।
- Log in to post comments
- 9 views