প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে নিযুক্তি কমল কুমাৰ মেধিক

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে নিযুক্তি কমল কুমাৰ মেধিক

অসম প্ৰদেশ কংগ্ৰেছৰ নতুন মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্ট নিযুক্তি দিয়া হৈছে । দলটোৰ সভাপতি ৰিপুণ বৰাই দিছে এই নিযুক্তি ।

নিযুক্তি পোৱা মুখপাত্ৰৰ তালিকাত আছে কিছুদিনৰ পূৰ্বে জাতীয়তাবাদী শিবিৰৰ পৰা কংগ্ৰেছ দলত যোগদান কৰা কৃষক মুক্তি সংগ্রাম সমিতি নেতা কমল কুমাৰ মেধি আৰু আনজন হৈছে মৃদুল মালাকাৰ ।

ঠিক একেদৰে মিডিয়া পেনেলিষ্ট হিচাপে দলটোৱে নিযুক্তি দিছে বেনাজিৰ আৰফান আৰু শান্তনু বৰাক ।

Your Comments