ৰাজ্য চৰকাৰৰ ক্ৰীড়া ৰাজধানী গুৱাহাটীত ফুটবলৰ খেলপথাৰ বিচাৰি খেলুৱৈৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:

গুৱাহাটীক ক্ৰীড়া ৰাজধানী নিৰ্মাণৰ সপোন দেখা ৰাজ্য চৰকাৰৰ বাবে এক লজ্জিত খবৰ।ফুটবল খেলিবৰ বাবে খেলপথাৰৰ অভাৱ গুৱাহাটী মহানগৰীত।ফুটবল খেল পথাৰ বিচাৰি গুৱাহাটী মহানগৰীত খেলুৱৈৰ প্ৰতিবাদ।দেওবাৰে পুৱাই মহানগৰীৰ গুৱাহাটী ক্লাৱৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ ফুটবল খেলপথাৰৰ দাবীত খেলুৱৈসকলে সাব্যস্ত কৰে প্ৰতিবাদ।উল্লেখ্য যে ,নেহেৰু ষ্টেডিয়াম ফুটবল খেলৰ বাবে সংৰক্ষণৰ দাবীত উত্তাল সাব্যস্ত প্ৰতিবাদী খেলুৱৈসকলৰ।গুৰুত্বপূৰ্ণ কথা এই যে মহানগৰীৰ প্ৰায়সমূহ খেলপথাৰত ফুটবল নিষিদ্ধ।দেওবাৰৰ প্ৰতিবাদত শিশুৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ফুটবলাৰ সকলে অংশগ্ৰহণ কৰে।গুৱাহাটীৰ বি বৰুৱা পথতে ফুটবল খেলি প্ৰতিবাদ সাব্যস্ত খেলুৱৈৰ।

Your Comments