নগাঁৱৰ এনকাউণ্টাৰত জড়িত আৰক্ষী জোঁৱান প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্লজ: আয়ুক্ত পৰ্যায়ৰ তদন্তৰ দাবী আৰক্ষীৰ

A

নিউজ ডেস্ক:

ৰাজ্য কপোৱা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰত অভিযুক্ত আৰক্ষী জোঁৱান প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্লজ।আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ আয়ুক্ত পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে চৰকাৰক।তদন্তত দোষী সাব্যস্ত হলে এনকাউণ্টাৰত জড়িত আৰক্ষী জোঁৱানৰ বিৰুদ্ধে শাস্তিৰ ইংগিত অসম আৰক্ষীৰ।মাতৃৰ ঔষধ আনিবলৈ গৈ নগাওঁ আৰক্ষীৰ হাতত গুলিবিদ্ধ হোৱা প্ৰাক্তন ছাত্ৰ নেতা গৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ আছে।আৰক্ষীয়ে বিনা দোষত ২২ বছৰীয়া প্ৰাক্তন ছাত্ৰ নেতা বৰাক এনকাউণ্টাৰ কৰাৰ অভিযোগত সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।প্ৰথম অৱস্থাত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গুলিবিদ্ধ বৰা ড্ৰাগছৰে জড়িত থকা বুলি উল্লেখ কৰিছিল যদিও শেহতীয়াকৈ ৰাজ্যজুৰি আৰম্ভ হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে।

উল্লেখ্য যে ,শনিবাৰে ছাত্ৰ নেতা বৰাই ৰোগীয়া মাতৃৰ ঔষধ নিবলৈ ঘৰৰ পৰা ওলাই অহা সময়ত সোভৰিত  গুলিবিদ্ধ হয়।

Your Comments