নগাঁও এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী, অন্যথা আন্দোলনৰ হুংকাৰ- আছু

A

নিউজ ডেস্ক:

ৰোগীয়া মাতৃৰ ঔষধ আনিবলৈ যোৱা  নিৰীহ যুৱক তথা প্ৰাক্তন আছু নেতা কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰৰ ঘটনাক তীক্ষ্ণ ভাষাৰে গৰিহণা সদৌ অসম ছাত্ৰ সন্থাৰ ।অসম চৰকাৰক গুলীচালনাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাই আছু সভাপতি দীপাংক কুমাৰ নাথে কয়  যে ,'গুলিবিদ্ধ যুৱকজন যদি পংগু হয় তাৰ দায়িত্ব কোনে ল’ব।এনে ঘটনা সমৰ্থনযোগ্য হব নোৱাৰে'।

সাধাৰণ মানুহৰ নিৰাপত্তা নিশ্চিত কৰা দায়িত্বহে আৰক্ষীৰ বুলি উল্লেখ কৰি নাথে কয়-চৰকাৰে শীঘ্ৰে ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা নকৰিলে ছাত্ৰ সন্থাই ৰাজপথত সংগ্রাম আৰম্ভ কৰিব।অসমত অৰাজক অৱস্থা সৃষ্টি হৈছে নেকি!হিটলাৰী ব্যৱস্থাৰ বন্ধ হ’ব লাগিব।

ইফালে গুলিবিদ্ধ ছাত্ৰ নেতা গৰাকী ড্ৰাগছ আসক্ত বুলি আৰক্ষীয়ে কৰা মন্তব্যক উভতি ধৰি সভাপতি নাথে কয়-গুপ্তহত্যাৰ দিনত এনেধৰণৰ ঘটনা বহুত দেখিছোঁ।এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ চৰকাৰক সকিয়নী।

গুলিবিদ্ধ যুৱকজন আৰু পিতৃ-মাতৃৰ ভাষ্যৰ মিল আছে ।তাৰ পাছতো আৰক্ষীয়ে মনে সজা কথাৰে মানুহক যদি হাৰাশাস্তি কৰি থকাৰ কথা ভাবিছে তেন্তে কেতিয়াও হবলৈ দিয়া নহব।সাধাৰণ মানুহক গুলিয়াই দিয়া মানসিকতা অসম চৰকাৰ তথা আৰক্ষীয়ে পৰিহাৰ কৰক।এনেধৰণৰ ঘটনাই মানুহৰ শংকা বৃদ্ধি কৰিব।দোষী আৰক্ষী বিষয়াই শাস্তি পাবই লাগিব- নাথে কয়।

উল্লেখ্য যে শনিবাৰে নগাঁও আৰক্ষীৰ হাতত গুলিবিদ্ধ হৈছিল নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক কীৰ্তি কমল বৰা।

Your Comments