নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ বিয়োগ

A

নিউজ ডেস্ক:

নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ আকস্মিক বিয়োগ। হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে নিশা প্ৰায় ১০বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কংগ্ৰেছী বিধায়ক গৰাকীয়ে৷গুৱাহাটীৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে কলিতাই। 
উল্লেখ্য যে ,২০০১-০৬চনলৈ নলবাৰী  সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল৷সুদীৰ্ঘ ৩৩বছৰৰ মূৰত নলবাৰী সমষ্টিক কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল মদন কলিতাই৷

২০০৬চনৰ নিৰ্বাচনত অগপৰ অলকা শৰ্মাৰ হাতত পৰাজিত হৈছিল প্ৰয়াত কলিতা৷আনহাতে ২০১১চনৰ নিৰ্বাচনত কংগ্ৰেছৰ দলীয় টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নলবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াই  পৰাজিত হৈছিল৷পৰৱৰ্তী সময়ত অগপ দলত যোগদান কৰিছিল৷ 

ইফালে কলিতা বিধায়ক হৈ  থকা সময়তে পত্নী চাৰুবালা কলিতা ঘগ্ৰাপাৰ জিলা পৰিষদৰ পৰা জয়ী হৈ নলবাৰী জিলা পৰিষদৰ উপ-সভানেত্ৰী আৰু পাছলৈ ভাৰপ্ৰাপ্ত সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷মৃত্যু সময়ত পত্নী, প্ৰতিষ্ঠিত ব্যৱসায়ী পুত্ৰ আৰু এ চি এছ বিষয়া দুই কন্যা ইহসংসাৰত এৰি থৈ যায়৷

বিধায়ক গৰাকীৰ আকস্মিক বিয়োগত নলবাৰীত শোকৰ ছাঁ পৰিছে৷প্ৰয়াত কলিতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অতি প্ৰিয়ভাজন আছিল৷

Your Comments

Related Articles