অনিমেষ ভূঞা হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল যোৰহাট আৰক্ষীৰ

A



নিউজ ডেস্ক:
২০২১ বৰ্ষৰ ২৯ নৱেম্বৰত যোৰহাট চহৰৰ মাজ-মজিয়াত দিনৰ পোহৰতে একাংশ উন্মত্ত লোকৰ হাতত প্ৰাণ হেৰুওৱা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰে যোৰহাট আৰক্ষীয়ে ৷ চাৰ্জশ্বীটত যোৰহাট আৰক্ষীয়ে ইতিমধ্যে মৃত্যু হোৱা মূল অভিযুক্ত নীৰজ দাস ওৰফে কলা ল’ৰাকে ধৰি মুঠ ১৪ জন ব্যক্তিৰ নাম সন্নিবিষ্ট কৰে।
উল্লেখ্য যে ,এই লোমহৰ্ষক হত্যাকাণ্ডৰ পাছতে ৩০ নৱেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্ৰুত বিচাৰ প্ৰক্ৰিয়াৰ বাবে আৰক্ষীক মাত্ৰ ৩০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰাৰ বাবে নিৰ্দেশ দিছিল।
প্ৰতিশ্ৰুতি অনুসৰি যোৰহাট আৰক্ষীয়ে অনিমেষ ভূঞা হত্যাকাণ্ডৰ ৫০ দিনৰ ভিতৰত ১৪ জন অভিযুক্তক সামৰি(এজনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু এজন শিশু) চাৰ্জশ্বীট দাখিল কৰিছে।
যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট আৰক্ষীক ঘটনাৰ ৩০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰাৰ বাবে নিৰ্দেশ দিছিল কিন্তু প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীৰ সৈতে সহযোগ নকৰাৰ বাবে চাৰ্জশ্বীট দাখিল কৰাত কিছু পলম হয় যোৰহাট আৰক্ষীৰ।

Your Comments