নিউজ ডেস্ক:
অবিভক্ত শিৱসাগৰ জিলাৰ চেপন -চূণপোৰা পথৰ যোগাযোগ বিচ্ছিন্ন ।পথত থকা পুৰণি নঙলামৰা দলং ভাঙি পৰিল ডাম্পাৰ।উল্লেখ্য যে নিৰ্মানৰ ৫০বছৰৰো অধিক দিন অতিক্ৰম কৰিছিল দলঙখনে।
প্ৰয়াত বিধায়ক তথা মন্ত্ৰী দুৰ্গেশ্বৰ শইকীয়াৰ দিনতে নিৰ্মাণ কৰা দলং খনে চেপন-চূণপোৰা পথক সংযোগ কৰিছিল।দলংখন পুৰণি বাবে জহি-খহি যোৱাৰ পাছতে পুনৰ নিৰ্মাণৰ বাবে কোনো পদক্ষেপ লোৱা নাছিল চৰকাৰে।
আনহাতে, দলংখন ভাঙি পৰাৰ পাছতেই পথটো সম্পূৰ্নকৈ বন্ধ হৈ পৰিছে।
- Log in to post comments
- 21 views