লংকা-উমৰাংচু সংযোগী মূল ঘাইপথ তথা ড্ৰেইন নিৰ্মাণ কাৰ্য্যত চৰম দুৰ্নীতি


নিউজ ডেস্ক:
 ঘটনাৰ স্থান লংকাৰ শ্বিলং ৰোড অঞ্চল।লংকা আৰু উমৰাংচু তথা পশ্চিম কাৰ্বি আংলং সংযোগী মূল  ঘাইপথ তথা উক্ত পথৰ সংলগ্ন ড্ৰেইন নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ তুলি লংকাৰ স্থানীয় ৰাইজ তথা দল সংগঠনে আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অভিযোগ অনুসৰি "ভাৰতীয় ইণ্ট্ৰা প্ৰজেক্ট লিমিটেড" নামৰ এক বহিৰাগত কোম্পানীয়ে উক্ত পথৰ  সংলগ্ন ড্ৰেইনৰ নিম্ন মানৰ কাম কৰাৰ লগতে ড্ৰেইনত লো ৰড কমাই দিয়াৰ কৰা এক গুৰুতৰ অভিযোগ তুলি ঠিকাদাৰ কেডাৰ বাজাজক জবাব দিহি কৰে।লগতে স্থানীয় ৰাইজ তথা দল সংগঠনে উক্ত পথ তথা ড্ৰইনৰ কামৰ উচ্চস্তৰীয় তদন্ত নোহোৱা পৰ্য্যন্ত কাম বন্ধ কৰাই দিয়ে।

 

Your Comments