নিউজ ডেস্ক:
নলবাৰী জিলা ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁও নিৱাসী তথা একালৰ অসম আন্দোলনৰ অগ্ৰণী নেতা নাউধন ডেকাই বৰ্তমান কেবাটাও ৰোগত আক্রান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ বিচনাত জীৱন মৰণৰ সৈতে যুঁঁজি আছে।সম্প্ৰতি ডেকাৰ পৰিয়ালটো তীব্ৰ আৰ্থিক অভাৱত পৰিছে ঠিক সেই সময়তে আজি অগপৰ এটি দলে তেওঁ পত্নীৰ হাতত কিছু আৰ্থিক সাহাৰ্য দিয়ে। ডেকাক উপযুক্ত চিকিৎসা কৰিবলৈ পৰিয়ালটোৰ হাতত ফুটাকৰিও এটা নাই।
উল্লেখ্য যে হাইস্কুলীয়া জীৱনতে অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ সৈতে জড়িত হৈ নাউধন ডেকাই নলবাৰী জিলাৰ সমান্তৰালভাৱে ঘগ্ৰাপাৰতো জাতীয়তাবাদী শিবিৰক এখোজ আগবঢ়াই নিবলৈ আগভাগ লৈছিল।ডেকাই ১৯৭৯ চনৰ ১৯৮৪ লৈকে অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ আন্দোলনত জপিয়াই পৰাত ১৫ দিন জে'লত থাকিব লগা হোৱাৰ উপৰিও সেইসময়ছোৱাত কেইবাৰো আৰক্ষীৰ হাতত শাৰীৰিকভাৱে নিৰ্যাতিত হ'বলগীয়া হৈছিল।১৯৮৩-১৯৮৫ চনলৈ ঘগ্ৰাপাৰ 'আছু'ৰ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি সংগঠনটোক বহুখিনি আগুৱাই নিয়া ডেকাই ১৯৮৩-৮৪ চনত নলবাৰী কলেজত ছাত্ৰ একতা সভাৰ সহকাৰী সম্পাদক হিচাপে থাকি কলেজীয়া জীৱন পাৰ কৰিছিল।অসম চুক্তিৰ পিছত ১৯৮৫ চনত অসম আন্দোলনকাৰীসকলৰ নেতৃত্বত গঠন হোৱা অসম গণ পৰিষদ দলৰ এজন সক্ৰিয় নেতা হিচাবে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। উল্লেখ্য যে সেই সময়তে নলবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ মন্ত্ৰিত্ব লাভ কৰা প্ৰয়াত নগেন শৰ্মা একে সময়ৰ মন্ত্ৰী তথা বৰ্তমান অগপ-বিজেপিৰ মিত্ৰজোঁঁট চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অতি ঘনিষ্ঠ ঘগ্ৰাপাৰৰ অসম আন্দোলনৰ গুৰি ধৰোতা নাউধন ডেকা আজি চৰকাৰীভাৱে সকলো দিশৰ পৰা উপেক্ষিত হৈ আহিছে। উল্লেখ্য যে নাউধন ডেকাই সদৌ অসম ছাত্র সন্থাৰ পৰা ১৯৮১ চনতে পোৱা শ্বহীদ আৰু নিৰ্যাতিতৰ প্ৰমাণ-পত্ৰ আৰু নলবাৰী জিলা উপায়ুক্ত কাৰ্যলয়ৰ পৰা চৰকাৰীভাৱে পোৱা নিৰ্য্যাতিতৰ প্ৰমাণ-পত্ৰ দুখন বুকুত বান্ধি লৈ পৰিৱৰ্তনকামী বিজেপি-অগপ মিত্ৰজোঁট চৰকাৰৰ পৰা কিবা সঁহাৰি পোৱাৰ আশাৰে বাট চাই আছিল যদিও আজি তেওঁৰ বাবে হস্পিটেলৰ বিচনাখনে হৈ পৰিছে আশা ভৰষা। অৰ্থৰ অভাৱত নাউধন ডেকাৰ চিকিৎসা কৰিবলৈ নোৱাৰা ডেকাৰ দুই পুত্ৰ সন্তানেও টকা-পইচাৰ অভাৱত আধৰুৱাকৈ শিক্ষা গ্ৰহণ কৰি আনৰ দোকানত কাম কৰি পিতৃ -মাতৃক কোনো মতে ভৰণপোষণ দি আহিছিল। শেহতীয়াভাৱে অৰ্থৰ অভাৱত ডেকাৰ স্থাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰে।
তীব্ৰ আৰ্থিক সংকটত পৰা পৰিয়ালটোক আজি সামান্য সহায়ৰ বাবে আগবাঢ়ি আহিছে অসম গণ পৰিষদ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে অগপৰ নলবাৰী জিলাৰ উপ সভাপতি আনন্দ কলিতা, নলবাৰী বিধান পৰিষদৰ সম্পাদক মনোজ শৰ্মা,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জাহীৰ আলম,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দিপক ৰাজবংশী, অগপৰ ঘগ্ৰাপাৰ মণ্ডল পৰিষদ সম্পাদক হৰিনাথ লহকৰ, ঘগ্ৰাপাৰ আঞ্চলিক সম্পাদক ডিম্বেশ্বৰ হালৈৰ লগতে এটা সজাঁঁটি দলে নাউধন ডেকাৰ সহধৰ্মিণীৰ হাতত কিছু আৰ্থিক সাহায্য আগবঢ়ায়।
লগতে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জাহিৰ আলমে পৰিয়ালৰ হৈ সংবাদ মাধ্যমৰ জড়িয়তে নাউধন ডেকাক উপযুক্ত চিকিৎসাৰ বাবে অসম চৰকাৰৰ লগতে দ'ল সংগঠনলৈ সহায়ৰ আহ্বান জনায়।
- Log in to post comments
- 10 views