নিউজ ডেস্ক:
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমে সমাজ সংগঠনত বলিষ্ঠ ভূমিকা পালন কৰি আহিছে। বিভিন্ন সময়ত সংবাদ মাধ্যমৰ ক্ষেত্ৰত বিভিন্ন বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হয় যদিও সকলো বাধা বিঘিনি সাহসেৰে অতিক্ৰম কৰি সমাজত দায়িত্ব পালন কৰি আছে বুলি আজি কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী উৎসৱৰ বৰ্ষ জোৰা অনুষ্ঠানৰ শুভাৰম্ভ কৰি উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই এইদৰে মন্তব্য কৰে। ১৯৯৭ চনৰ ১৭ জূলাইত জন্ম লাভ কৰা কলিয়াবৰ প্ৰেছ ক্লাবে এই বৰ্ষত গৌৰৱোজ্জল পঁচিশটা বৰ্ষত পদাৰ্পণ কৰিছে। সেয়েহে আজি ভোগালী বিহুৰ লগত সংগতি ৰাখি জখলাবন্ধা হস্পিতাল চাৰিআলিস্থিত কলিয়াবৰ প্ৰেছ ক্লাবৰ কাৰ্য্যালয় প্ৰাঙ্গণত পুৱা উদযাপন সমিতিৰ সভাপতি কেশৱ মহন্ত আৰু কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াই পতাকা উত্তোলন কৰাৰ লগতে সাংস্কৃতিক কৰ্মী তথা কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ সভাপতি হিৰু প্ৰসাদ মহন্তই স্মৃতি তৰ্পণ, বিশিষ্ট সমাজকৰ্মী- অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৃপেন বৰঠাকুৰে বন্তি প্ৰজ্বলনৰ পাছতেই পৰম্পৰাগত ভাবে মেজি প্ৰজ্বলনেৰে ৰাইজ আৰু দেশৰ মঙ্গল কামনা কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আজিৰ শুভাৰম্ভণী অনুষ্ঠানত অসমৰ বিশিষ্ট লোকসঙ্গীতৰ চৰ্চা আৰু প্ৰসাৰত আত্মনিয়োগ কৰা শিল্পী তথা কলিয়াবৰীয়া বোৱাৰী জীনা ৰাজকুমাৰী গোস্বামীয়েও এশাৰী বিহু নামেৰে ভোগালীৰ ওলগ জনোৱাৰ লগতে প্ৰেছ ক্লাবৰ অনাগত কাৰ্য্যসূচীৰ সফলতা কামনা কৰে। অনুষ্ঠানত কলিয়াবৰৰ কেইগৰাকীমান বয়োজেষ্ঠ ক্ৰমে নোমল বৰা (সৰুভগীয়া ), নকুল ভাগৱতী(ঢেকীয়াল), লক্ষীৰাম দাস, (কতিয়ৰী), খগেশ্বৰ দাস,(শেনচোৱা), হিতেশ্বৰী ভাগৱতী (দেৱসত্ৰ), ৰমেশ চৌহান(জখলাবন্ধা), নৃপেন বৰঠাকুৰ, (দলাল), স্বৰ্ণলতা খাউণ্ড(বৰভকতি),
বকুলী হাজৰিকা(হাটবৰ), লিলিমাই হাজৰিকা(গাড়ীকুৰি), পাৰুল হাজৰিকা(বৰভগীয়া)ক কলিয়াবৰ প্ৰেছ ক্লাবৰ সদস্যসকলে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ অনুষ্ঠানত উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি প্ৰণৱ মহন্ত, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়া,উপ সভাপতি তৰুণ মুক্তিয়াৰ, সম্পাদক জয়ন্ত কুমাৰ শৰ্মা, গোলাপ শইকীয়া, গৌতম কুমাৰ বৰা, অমূল্য বৰা, প্ৰদীপ লস্কৰ, কিশোৰী কুমাৰ ডেকা, দিগন্ত মহন্ত, ৰূপজ্যোতি গোস্বামী, দিবাকৰ দাস, পংকজ শইকীয়া, আশীষ শইকীয়া, ৰিদীপ শৰ্মা, ভবেন শইকীয়া, প্ৰণৱ হাজৰিকা, ৰাজু বিশ্বাস,ৰাজ হাজৰিকা, দিপু বৰাকে প্ৰমূখ্য কৰি সদস্যসকলে উপস্থিত ৰাইজৰ আশিস লয়। ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি কেশৱ মহন্তই আদৰণি ভাষণত সংবাদ মাধ্যমৰ কলিয়াবৰৰ অৱদান সম্পৰ্কে আলোকপাত কৰাৰ লগতে তেখেতে কয় যে কলিয়াবৰ প্ৰেছ ক্লাবৰ প্ৰতিগৰাকী সদস্যই সংবাদ পৰিবেশনতেই সীমাবদ্ধ নাথাকি কলিয়াবৰৰ সাহিত্য, সংস্কৃতি, সামাজিক, শৈক্ষিক, ক্ৰীড়াকে প্ৰমূখ্য কৰি বিভিন্ন ক্ষেত্ৰত জড়িত থাকি সেৱা আগবঢ়ায়ো আছে। আগন্তুক দিনত কলিয়াবৰ প্ৰেছ ক্লাবৰ উজ্বল ভবিষ্যত লগতে ৰূপালী জয়ন্তী বৰ্ষৰ সকলো অনুষ্ঠানত ৰাইজৰ সহযোগিতা কামনা কৰে। ভোগালী বিহু আৰু অনুষ্ঠানৰ লগত সংগতি ৰাখি কলিয়াবৰৰ সোণাৰিগাঁৱৰ মহিলাসকলে ঐতিহাসিক পৰম্পৰাগত ক'লীবুঢ়ী নৃত্য আৰু যুৱকবৃন্দই নাম প্ৰদৰ্শন কৰে। সম্পাদক জয়ন্ত কুমাৰ শৰ্মাই আঁতধৰা অনুষ্ঠানত কলিয়াবৰ শাখা সাহিত্য সভা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, কলিয়াবৰ লেখিকা সমাৰোহ সমিতি, কলিয়াবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনী, উন্মীলন কলিয়াবৰ, হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ, জখলাবন্ধা মিলন সংঘ, বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন, কলিয়াবৰ গোৰ্খা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থাকে প্ৰমূখ্য কৰি কলিয়াবৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া, বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।
- Log in to post comments
- 23 views