দুয়োপালি ভেকচিন নোলোৱা লোকৰ বাবে কঠোৰ নিৰ্দেশনা

A


নিউজ ডেস্ক:

দুয়োপালি ক’ভিড ভেকচিন নোলোৱা লোকৰ বাবে আজিৰে পৰা কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে।
দুয়োপালি ভেকচিন নোলোৱা লোকে
বজাৰ, দোকান, মল, সভা-সমিতি, কাৰ্যালয় ক’তো উপস্থিত থাকিব নোৱাৰিব।
ভেকচিন দুয়োপালি নোলোৱা লোকৰ বিৰুদ্ধে হাস্পতালৰ বাহিৰে যিকোনো চৰকাৰী আৰু ৰাজহুৱা স্থানত প্ৰৱেশত বাধা আৰোপ কৰিছে চৰকাৰে।
উল্লেখ্য যে ,কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে এনে লোকক প্ৰৱেশ কৰিবলৈ দিলে জৰিমনা বিহিব।
ভেকচিন নল’লে চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা-খাদ্য নাপাব।
ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰীক অফিচত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।
এনে কৰ্মচাৰীসকলক বাধ্যতামূলক বেতনবিহীন ছুটী চৰকাৰৰ।
স্বাস্থ্য-ফ্ৰণ্টলাইন কৰ্মীয়ে বুষ্টাৰ ড’জ ল’বই লাগিব, ভেকচিন নল’লে দৰমহা নাপাব।


Your Comments