উত্তৰ গুৱাহাটী স্থিত শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ নামঘৰত চোৰৰ উপদ্ৰৱ

A


নিউজ ডেস্ক:

যোৱা নিশা কোনো গভাইত চোৰে উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ চৌহদত প্ৰৱেশ কৰি নামঘৰৰ ভিতৰত থকা দুটাকৈ দান-পাত্ৰ ভাঙি লুটি নিয়ে প্ৰণামীৰ ধন।
উল্লেখ্য যে ,পুৱা সত্ৰৰ দেউৰীয়ে নামঘৰৰ নিত্য-নৈমিত্তিক কাম সমাপন কৰিবলৈ আহি প্ৰথমে নামঘৰৰ দুয়োটা দান-পাত্ৰৰ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে।
তাৰ পাছতে সত্ৰৰ বৈষ্ণৱ ভকতসকলৰ মাজত হুৱা-দুৱা লাগে।
মণিকূটৰ কাষতে থকা এখন গোপন দুৱাৰেদি নিশা চোৰ সোমোৱা বুলি সন্দেহ কৰা হৈছে।
উক্ত ঘটনা সংক্ৰান্তত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰৰ দেৱগোস্বামীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি পৱিত্ৰ অনুষ্ঠানত চােৰে লুটপাত চলোৱা কাৰ্যত মৰ্মাহত হৈ পৰা বুলি কয়।
তেওঁ লগতে ইয়াৰ ক্ষিপ্ৰ তদন্ত কৰি চুৰি কাণ্ডত জড়িত লোকক দৃষ্টান্তমূলক শাস্তি দিবলৈ কামৰূপ আৰক্ষীৰ ওচৰত দাবী জনাইছে ।

Your Comments