নিউজ ডেস্ক :
জনতা ভৱনত নিয়োজিত বিষয়া–কৰ্মচাৰীসকলে যদি ধন ঘটিম বুলি ভাবিছে তেন্তে ভুল কৰিছে৷কিয়নো সচিবালত ইনকাম কোনোপধ্যে নহয়৷ কাঢ়া দৃষ্টি ৰখা হৈছে সকলোতে৷ অহা পাঁচ বছৰলৈ যদি কোনোৱাই টকা খাম বুলি ভাবিছে দুৰ্ঘটনা হ’বই।কঠোৰ সকিয়নি প্ৰদান কৰি এইদৰে কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ লগতে কয় যে ,‘‘১% সাৰি যাব পাৰে ৯৯% ধৰা পৰাটো নিশ্চিত । সচিবালত থকা দম দম ফাইল অহা দুমাহৰ ভিতৰত শেষ হ’ব লাগিব৷ ১৯৯০ চনৰ পৰা সচিবালয়ত ফাইল জমা আছে৷ সচিবালয়ৰ কৰ্মচাৰীৰ এয়া নমুনা৷ কিন্তু বেছিদিন এই নীতি চলি নাথাকে৷ সলনি হোৱাৰ সময় আহিছে৷দৈনিক কাম দৈনিক সম্পন্ন হ’ব লাগিব৷ টেবুলত এটা ফাইল থাকিব নোৱাৰে৷ এটা ফাইল টেবুলত থাকিলে নিশা টোপনি যাব নোৱাৰি বুলি ভাবিব পাৰিব লাগিব৷ তেতিয়াহে ৰাজ্যখনৰ উন্নয়ন হ’ব" ।
- Log in to post comments
- 9 views