অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন

A

 

B


নিউজ ডেস্ক:
ভাৰতবৰ্ষৰ মহান মনিষী তথা দাৰ্শনিক স্বামী বিবেকানন্দৰ আদৰ্শেৰে অনুপ্ৰাণিত সমাজৰ হিতৈষী হিচাপে ছাত্ৰ সমাজ তথা দেশৰ হিতাৰ্থে কাম কৰি অহা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত বিদ্যাৰ্থী পৰিষদৰ আদৰ্শপুৰুষ স্বামী বিবেকানন্দৰ ১৫৯ তম জন্মজয়ন্তী উপলক্ষে "ৰাষ্ট্ৰীয় যুৱ দিৱস" প্ৰতিবছৰৰ দৰে এই বছৰো পালন কৰা হৈছে ৷
উল্লেখ্য যে, সৰ্বমুঠ ৩২ খন জিলাৰ ১৩৫ শাখাৰ লগতে ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়তো বিদ্যাৰ্থীসকলে মহান মনিষীজনৰ ওপজা দিনটোত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰে ৷তদুপৰি ৰাজ্যৰ বিভিন্ন স্থানত যুৱ সমাজৰ প্ৰতিভা বিকশিত কৰাৰ উদ্দেশ্য বিভিন্নধৰণৰ প্ৰতিযোগিতাৰ লগতে স্বামীজীৰ জীৱনৰাজিৰ ওপৰত অনলাইন চেমিনাৰৰো আয়োজন কৰা হয় ৷
দৰং জিলাৰ মংলদৈ শাখাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় সহঃসাংগঠনিক সম্পাদক শ্ৰী নিৱাস আৰু উত্তৰ পূৱ ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক নীৰৱ ঘিলানি , কামৰূপৰ বালিসত্ৰ শাখাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় সম্পাদক ৰাকেশ দাসৰ লগতে লখিমপুৰ চহৰ শাখাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক সভাপতি ৰবীন কাকতি ৷

Your Comments