নিউজ ডেস্ক:
ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ বিচাৰি গুৱাহাটীত প্ৰতিবাদ।প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আহ্বানত মাহযোৰা প্ৰতিবাদৰ অংশ হিচাপে কামৰূপ(ম) কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।
গুৱাহাটী দীঘলীপুখুৰীৰ পাৰৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ সমদল কৰাৰ বাবে কংগ্ৰেছ কর্মীসকল প্ৰস্তুত হৈছিল যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে।উল্লেখ্য যে ২৯বিঘা ৯লেচা চৰকাৰী চিলিং উদ্ধৃত ভূমি মুখ্যমন্ত্ৰী শৰ্মাৰ পৰিয়ালে দখল কৰা গুৰুতৰ অভিযোগৰ তদন্ত বিচাৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।জিলা কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰমুখ্যে জ্যেষ্ঠ কংগ্ৰেছী নেতাসকল উপস্থিত থাকে।
'মূখ্যমন্ত্ৰী আৰু পৰিয়ালৰ বিৰুদ্ধে অভিযোগ ভূমি কেলেংকাৰী কৰা।যদি অভিযোগ মিছা তেন্তে তদন্ত কৰি তেওঁ সত্যতা প্ৰমাণ কৰক।কিন্তু তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ভয় কৰা কাৰণ কি '- প্ৰতিবাদী কংগ্ৰেছৰ দাবী।উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা সমগ্ৰ ভূমি কেলেংকাৰী তদন্তৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাজ্যপাললৈ।
- Log in to post comments
- 10 views