নিউজ ডেস্ক:
অসমীয়াৰ হেঁপাহৰ বাপতিসাহোন ভোগালী বিহুৰ আনন্দৰ সময়তো আৰ্থিক সমস্যাত অসমৰ খাদী আৰু গ্ৰামোদ্যোগৰ ১৭০জনকৈ কৰ্মচাৰী।প্ৰাপ্য দৰমহাৰ পৰা ছয় মাহে বঞ্চিত হৈ আছে কৰ্মচাৰীসকল।
ৰাজ্যত ব্যাপক উন্নয়নৰ ভাষণৰ ফুলজাৰী মৰা চৰকাৰে খাদী বৰ্ডৰ কৰ্মচাৰীৰ মুখৰ ভাত কাঢ়ি খোৱাৰ অভিযোগ উত্থাপিত হৈছে।গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰি ঘৰুৱা উৎপাদনে এক সমৃদ্ধিশালী ভাৰতীয় গ্ৰাম্য সমাজ সৃষ্টিৰ গান্ধীৰ সপোন আজি অসমত চৰকাৰৰ অমনোযোগিতাৰ বাবে চাৰখাৰ হ'ব ধৰিছে।
খাদী আৰু গ্ৰামোদ্যোগৰ অধ্যক্ষ - উপাধ্যক্ষ আৰু একাংশ বৰমূৰীয়াৰ দুৰ্নীতিৰ বাবে মাত্ৰ ৩০ শতাংশ কৰ্মচাৰীৰে গ্রাম্যদ্যোগৰ অন্যতম ভেটি খাদী বৰ্ড কোনোমতে জীয়াই থকাৰ গুৰুতৰ অভিযোগ ।
আনহাতে, ভোগালী বিহুৰ সময়তো কৰ্মচাৰীসকলে প্ৰাপ্য দৰমহা নাপাই ব্যাপক ক্ষোভ প্ৰকাশ কৰিছে।লগতে হুংকাৰ প্ৰদান কৰি কয়-বিহুত যদি দৰমহা নহয় তেন্তে মন্ত্ৰী-বিষয়াৰ ঘৰ ঘেৰাও কৰি সাব্যস্ত কৰিব প্ৰতিবাদ।
- Log in to post comments
- 6 views