নিউজ ডেস্ক:
অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত কেইটামান ঘণ্টা।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি।উৰুকা উপলক্ষে দৈ- চিৰা, লাড়ু পিঠাৰ লগতে ভিন্ন খাদ্য সম্ভাৰেৰে ভৰিছে মহানগৰীৰ প্ৰত্যেকখন বজাৰ।
উল্লেখ্য যে মহানগৰীত প্ৰথমবাৰৰ বাবে গৰুখুটীৰ বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাইৰ গাখীৰো উপলব্ধ হৈছে। গুজৰাটৰ পৰা অনা গীৰ গাইৰ দৈ বিচাৰি মহানগৰীৰ বিহুৰ বজাৰত গ্ৰাহকৰ ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে।
তাৎপৰ্যপূৰ্ণ কথা এই যে দৃধাৰ উদ্যোগত আৰু এ.এ.ইউ ফ্ৰেচৰ সহযোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হৈছে কন্যকা ভোগালী মেলা।
মঙলবাৰৰ পৰা অনুষ্ঠিত এই মেলাৰ সামৰণি পৰিব কালিলৈ অৰ্থাৎ বৃহস্পতিবাৰে।মেলাত কন্যকা বহুমুখী পামৰ সামগ্ৰী, গৰুখুঁটি বহুমুখী প্ৰকল্পৰ চুঙা দৈ, মাহ, তিল, পিঠা-পনা, লাড়ু, চাউল, জহা চাউল, খাটি সৰিয়হৰ তেল আৰু অন্যান্য থলুৱা সামগ্ৰীৰ বিক্ৰী হৈছে।
ইফালে উৰুকা(১৩জানুৱাৰী)ৰ পুৱা কন্যকা মৎস্য প্ৰকল্পৰ প্ৰায় ৫-১০ কুইন্টল থলুৱা মাছ উপলবদ্ধ হ'ব।
মেলা উদ্যোক্তাই জনোৱা অনুসৰি গৰুখুটীৰ গীৰ গাইৰ বাঁহৰ চুঙাৰ দৈ বিচাৰি বহু গ্ৰাহক আহিছে। দৈনিক ৩০০লিটাৰ পৰ্যন্ত দৈ বিক্ৰী হৈছে।প্ৰতি লিটাৰ দৈ ২০০টকাকৈ বিক্ৰীৰ লগতে গৰুখুটীত জৈৱিক পদ্ধতিৰে উৎপাদিত ৰঙালাউ, বন্ধাকবি, মটৰ , মাটিমাহ, তিলৰ উপৰিও কন্যকাৰ মিঠাতেল, লাড়ু ,পিঠা ,গুৰ , কোমল চাউল, বৰা চাউল আদি উপলদ্ধ হৈছে।
- Log in to post comments
- 11 views