নিউজ ডেস্ক:
মঙলবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন , জনস্বাস্থ্য কাৰিকৰী আৰু সাধাৰণ প্ৰশাসনৰ বিভিন্ন বিভাগৰ নির্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ।পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ২১৮গৰাকী সহকাৰী অভিযম্তা, জনস্বাস্থ্য কাৰিকৰীৰ ১৫৫গৰাকী কাৰিকৰী বিষয়া , সাধাৰণ প্ৰশাসনত ১৭৩গৰাকী কনিষ্ঠ প্ৰশাসনীয় সহায়কক নিযুক্তি প্ৰদান কৰে।
নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় -অভিযন্তা নিযুক্তি পৰীক্ষা এতিয়াৰে পৰা ৰাজ্যত এটাই হ'ব।বিভাগে বিভাগে নহয় অভিযন্তা নিযুক্তি পৰীক্ষা।
অসমক আৰু পিছপৰিব দিব নোৱাৰি, তেলেংগানা আৰু অসম একেই।কিন্তু এটাই পাৰ্থক্য আমাৰ ঘৰুৱা উৎপাদন তেলেংগানাতকৈ কম।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম বিলাক গুৰুত্বপূৰ্ণ। ইয়াত দুৰ্নীতি মুক্ত কৰি কাম কৰিব পাৰিলেহে অসম দৰিদ্ৰত মুক্ত হ'ব- শৰ্মাই কয়।
"অসমত থাকিলে ভাবো লাচিতৰ দেশত সকলো আছে। কিন্তু দিল্লীত গ'লে গম পাও আমাৰ স্থান একেবাৰে শেষত।অসমৰ প্ৰেমৰ সংজ্ঞাবোৰ অদ্ভুত। অসমৰ প্ৰেমৰ সংজ্ঞাত বিশুদ্ধ খোৱাপানী পাব লাগে, বিদ্যুৎ পাব লাগে আদি বিষয়বোৰ সন্নিবিষ্ট নহয়।সচিবালয়খন যেতিয়া বিশুদ্ধ হয় তেতিয়া চৰকাৰখনৰ জনকল্যানমুখী কাম বিলাকে নিজে নিজে গতি লয়।সচিবালয়ৰ ওপৰত মানুহৰ বহুত অভিযোগ থকা বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
আনহাতে, ১৭জানুৱাৰীত কলাক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে বৈঠকত বহিব বুলিও জানিব দিয়ে।সচিবালয়ৰ ঘোচখোৰ বিষয়া-কৰ্মচাৰীক উদ্দেশ্য কৰি শৰ্মাই কয়- সচিবালয়ত গ'লে উপাৰ্জন হয় বুলি যিসকলে ভাবিছে সেইয়া ভুল।এই ৫বছৰত দিয়া নহব উপাৰ্জন কৰিবলৈ।যি সকলে উপাৰ্জন কৰিম ভাৱিছে তেওঁলোক দূৰ্ঘটনাগ্ৰস্ত হোৱাটো ৯৯% নিশ্চিত।
আনহাতে, ২০২২ বৰ্ষতে ১লাখ ল'ৰা ছোৱালীক নিযুক্তি দিব বুলিও শৰ্মাই কয়।নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসসহ বহুকেইজন উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে।
- Log in to post comments
- 10 views