মুখ্যমন্ত্ৰীয়ে কলে কভিড SOPৰ বিৰোধ কৰাসকল অসম আৰু অসমীয়া বিৰোধী: উৰুকাত সামান্য শিথিলতা

A

নিউজ ডেস্ক:

ক'ৰনা নিৰ্দেশনা (SOP) বিৰোধিতা কৰাসকলক অসম আৰু অসমীয়া বিৰোধী আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।ভোগালী বিহুৰ উৰুকাৰ দিনাখন ৰাজ্যত সামান্য সান্ধ্য আইন শিথিলৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।উৰুকা ৰদিনা নিশা ১০বজাৰ পৰিৱৰ্তে ১১ বজাৰ পৰা কাৰ্যকৰী হ'ব সান্ধ্য আইন।একেদৰে পুৱা ৬ বজাৰ পৰিৱৰ্তে  ৪বজালৈ উক্ত দিনা সান্ধ্য আইন বাহাল থাকিব।কলাক্ষেত্ৰত এই কথা ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ।নিশা ভেলা ঘৰত কোনো কাৰণত থাকিব দিয়া নহব বুলি উল্লেখ কৰি শৰ্মাই কয়-লকডাউন নিদিয়া কৈ চলিবলৈ চেষ্টা কৰিছোঁ।জীৱন-জীৱিকাৰ দুইটাই যাতে ৰক্ষা পৰে তাৰ বাবে চেষ্টা কৰিছোঁ।আনহাতে, ৩১ডিচেম্বৰত ক'ৰনা নীতি-নিৰ্দেশনা শিথিল কৰি অসমীয়া ভোগালী বিহুত নীতি-নিৰ্দেশনা জাৰি কৰা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত শৰ্মাই কয়- ৩১ ডিচেম্বৰত ক'ৰনা কিমান আছিল আৰু এতিয়া কিমান হৈছে!যোৱা বছৰ বিহু পাতিব দিছিলো কিন্তু নতুন বৰ্ষ উদযাপন কৰিবলৈ দিয়া নাছিলোঁ।

ইফালে ক'ৰনা নীতি-নিৰ্দেশনা ভংগ কৰি ৰাজ্যৰ একাংশ বিজেপি মন্ত্ৰী-বিধায়কে বনভোজ কৰা প্ৰসঙ্গত মুখ্যমন্ত্ৰীয়ে কয়- যিসকলে কৰিছে বেয়া কাম কৰিছে।বনভোজত মাছ খুৱালে নে বিহ খুৱালে বুলিও প্রশ্ন কৰে।ক'ৰনাৰ উদ্বেগজনক বৃদ্ধিৰ সন্দৰ্ভত তেওঁ কয়- অনাগত ৪৫টা দিন প্ৰত্যাহ্বান মূলক হ'ব। দৈনিক ১২হাজাৰৰ পৰা ১৪ হাজাৰকৈ আক্ৰান্ত হ'ব।বৰ্তমানলৈ হাস্পতালৰ বিছনা মজুত আছে।বিচনা কমি গ'লেই পুনৰ লকডাউনৰ ইংগিত মুখ্যমন্ত্ৰীৰ ।

Your Comments